newsnextone.com | ডিজিটেল ডেস্কঃ অৱশেষত জালত পৰিল ধৰ্ষণৰ অভিযুক্ত চিকিৎসক৷ গুজৰাটৰ ভদোদৰাত নদেচাৰি এলেকাৰ অংগদ নামৰ গাঁৱত এগৰাকী ৰোগীক নিজৰ ক্লিনিকত নিচাযুক্ত দ্ৰব্য সেৱন কৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল এগৰাকী চিকিৎসকৰ বিৰুদ্ধে৷ 

প্ৰতীক যোশী নামৰ চিকিৎসকগৰাকীয়ে ঘটনাৰ সংঘটিত হোৱাৰ পিছৰে পৰা পলায়ন কৰি আছিল৷ শনিবাৰে একেটা এলেকাৰে পঞ্চম মহল নামৰ ঠাইৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চিকিৎসকগৰাকীক৷ যোৱা ১১ জুনত ধৰ্ষণৰ অভিযোগত এজাহাৰ দাখিল কৰিছিল নিৰ্যাতিতাই৷

ক্লিনিকত নিদ্ৰাৰ ইনজেকচন দি অসৎ কাৰ্য সম্পাদন কৰে৷ ইমানে সেই ক্লিনিক এগৰাকী সহযোগীয়ে সমস্ত ঘটনা মোবাইলত ৰেকৰ্ড কৰা বুলিও অভিযোগ উত্থাপন হয়৷ মোবাইলত ৰেকৰ্ড কৰা দিলীৰ গোহিল নামৰ এগৰাকী সহযোগীকো গ্ৰেপ্তাৰ কৰা হৈছে৷

৩৭৬ ধাৰাত গোচৰ ৰুজু কৰি চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছিল আৰক্ষীয়ে৷ চিকিৎসকৰ মতে এই ঘটনা তিনিমাহ পূৰ্বে সংঘটিত৷ কম্পাউণ্ডাৰ আৰু আন দুগৰাকী সহযোগীয়ে ব্লেকমেইলিং কৰা বুলি কয় চিকিৎসকগৰাকীয়ে৷ ২২ ফেব্ৰুৱাৰীত চিকিৎসকগৰাকীক অপহৰণ কৰি ৫০ লাখ দাবী কৰা বুলি কয়৷ আৰক্ষীয়ে ব্লেকমেইলিং আৰু অপহৰণৰ ঘটনাৰো তদন্ত আৰম্ভ কৰিছে৷