ডিজিটেল ডেস্কঃ দেশত নাৰী মুঠেও সুৰক্ষিত নহয়৷ দেশত প্ৰতিদিনে নাৰীৰ ওপৰত সংঘটিত হৈ অহা যৌন নিৰ্যাতনৰ ঘটনাই ইয়াকে প্ৰমাণ কৰে যে নাৰী কতো সুৰক্ষিত নহয়৷ ইয়াৰ মাজতে দেশৰ সংবাদ মাধ্যমত প্ৰকাশিত এটি খবৰে চিন্তিত কৰি তুলিছে দেশৰ সচেন নাগৰিকক৷
ব্যক্তিগত খণ্ডৰ পৰ্যটনৰ এখন বাছৰ ভিতৰত এগৰাকী মূকবধিৰ কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেশত৷ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত পৰ্যটন বিভাগৰ বাছত সংঘটিত হয় এই ঘটনা৷ ৩০ ডিচেম্বৰত সংঘটিত এই ঘটনা বহু পলমকৈ পোহৰলৈ আহে যদিও পৰিয়ালৰ লোকে ইতিমধ্যে এজাহাৰ দাখিল কৰে ঘটনা সন্দৰ্ভত৷
চেজ নামৰ এটি ব্যক্তিগত কোম্পানীৰ গাড়ীৰ চালকে এই ঘটনা সংঘটিত কৰে৷ ৩০ ডিচেম্বত বিশ্বনাথ নামৰ চালকজনে বিশাখাপট্টনমৰ এটি বাছ আস্থানৰ পৰা কিশোৰীক বাছত উঠাই নিয়ে৷ তাৰ পিছতে বাছৰ ভিতৰত যুৱতীগৰাকীক চালকজনে ধৰ্ষণ কৰে৷ এই কথা কলে হত্যা কৰাৰ ভাবুকি দি মূকবধিৰ কিশোৰীক পুণৰ ৰাজ পথত নমাই দিয়ে৷ কিশোৰীগৰাকীয়ে মালি হিচাপে কাম কৰে উক্ত কোম্পানীটোতে৷ পিছত কিশোৰীগৰাকীৰ শাৰিৰীক ভংগীত সন্দেহ ওপজাত পৰিয়ালে সোধ-পোছ কৰাত সমস্ত ঘটনা পৰিয়ালক অৱগত কৰে৷ তাৰ পিছতে চালকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে পৰিয়ালে৷