ANI

newsnextone.com | ডিজিটেল ডেস্কঃ পেট্ৰল আৰু ডিজেলৰ ঐতিহাসিক মূল্যবৃদ্ধিৰ পাছত এতিয়া দেশ বাসীয়ে কিছু পৰিমাণে হয়তো মূল্য বৃদ্ধিৰ পৰা সকাহ পাব পাৰে৷ এই সংকেত প্ৰদান কৰিছে ভাৰতৰ পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে৷ দেওবাৰে ভুৱনেশ্বৰৰ এখন অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে চৰকাৰে পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য হ্ৰাসকৰণৰ বাবে আলোচনা চলাইছে বুলি মন্তব্য কৰে৷ 

পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে পেট্ৰল আৰু ডিজেলৰ অস্বাভাৱাবিক মূল্য বৃদ্ধিত চৰাকৰ চিন্তিত হৈ পৰিছে৷ চৰাকাৰে ইয়াৰ মূল্য হ্ৰাস কৰিবৰ বাবে বেলেগ বেলেগ বিকল্পৰ সন্ধান চলাই আছে৷ মূল্য হ্ৰাসৰ বাবে অতি সোনকালে বিকল্পৰ সন্ধান পোৱা যাব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ 

আনহাতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ধৰ্মেন্দ্ৰ প্ৰধানে কয়, ‘এজন মধ্যবিত্ত ভাৰতীয় নাগৰিকে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি ফলত কেনে পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে সেয়া আমি ভালদৰে উপলব্ধি কৰিব পাৰো৷ বিভিন্ন দেশত কেঁচা তেলৰ কম উৎপাদন আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য বৃদ্ধিৰ ফলত পেট্ৰল-ডিজেলৰো মূল্য বৃদ্ধি হৈছে৷ ভাৰত চৰকাৰে অতি সোনকালে ইয়াৰ সমাধান কৰিব৷’’

উল্লেখ্য যে, সমগ্ৰ দেশ জুৰি বিগত এটা সপ্তাহৰ পৰা পেট্ৰল-ডিজেলৰ দাম অভাৱনীয় ভাৱে বৃদ্ধি পাইছে৷ পেট্ৰলৰ মূল্যই দেশৰ প্ৰায়বোৰ ৰাজ্যতে আশীৰ ঘৰ স্পৰ্শ কৰাৰ বিপৰীতে ডিজেলৰ মূল্যও আকাশলংঘী হৈ পৰা পৰিলক্ষিত হৈছে৷ যাৰ ফলত সাধাৰণ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকল অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে যাত্ৰীবাহী বাহনৰ ভাড়াও বৃদ্ধি হৈ পৰিছে৷