newsnextone.com | ডিজিটেল ডেস্কঃ সোমবাৰে পুৱাই ভূমিকম্পই কঁপালে জাপানক৷ ৫.৯ ৰিখটাৰ স্কেলত হোৱা ভূমিকম্পত এতিয়ালৈ ৩গৰাকী লোকৰ মৃত্যু হৈছে৷ আহত হৈছে প্ৰায় ১০০গৰাকী লোক৷ সোমবাৰে পুৱাই ৭বাজি ৫৮ মিনিটত তীব্ৰ জোকাৰণি মাৰে জাপানৰ ওচকাত৷ ফলত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়৷ ঘৰৰ পৰা মানুহ ৰাজপথলৈ ওলাই আহে৷ 

ওচকাত ভূমিকম্পৰ জোকাৰণিৰ প্ৰভাৱ বেছিকৈ পৰে৷ ওচকা প্ৰদেশৰ হনচু দ্বীপৰ পৰা ১৩ কিঃ মিঃ নিলগৰ আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ৷ ওচকা চহৰত বহু পথ ফাট মেলাৰ লগতে কেইবাটাও ঘৰ ভাঙি পৰে৷ অগ্নিকাণ্ডও সংঘটিত হয়৷ বিদ্যুৎৰ সংযোগ ব্যাহত হয়৷ ৰাজপথত পানী ভৰি পৰাত হাহাকাৰ লাগে৷ 

বুলেট ট্ৰেইনৰ চলাচল বন্ধ ৰখা হয়৷ বিমান বন্দৰৰ পৰা উৰিব লগা সকলো বিমানৰ উৰণ স্থগিত ৰখা গৈছে৷ আনহাতে দেশ খনৰ ১৫টা পৰমাণু কেন্দ্ৰত ভূমিকম্পৰ প্ৰভাৱ পৰে৷

৯ বছৰৰ কিশোৰ সহ তিনিজন লোকৰ মৃত্যু হয়৷ প্ৰৱল জোকাৰণিৰ পিছত কিমান ক্ষতি হৈছে সেই কথা চৰকাৰী তথ্যত প্ৰকাশ কৰিব পৰা নাই৷ উদ্ধাৰ অভিযান দ্ৰুত গতিত চলিছে৷ চুনামী অহাৰ সম্ভৱনাই দেখা দিছে৷