প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

newsnextone.com | ডিজিটেল ডেস্কঃ কেইমাহ মান পূৰ্বে পশ্চিম বংগৰ গোবড়াডাঙা আৰু উত্তৰ ২৪ পৰগনাত ভয়াবহ গোষ্ঠী সংঘৰ্ষ হৈছিল৷ বহু লোকৰ ঘৰ-বৰ জ্বলাই দিয়া হৈছিল৷ উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি৷ সেনা আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ দৰে পৰিবেশৰ সৃষ্টি হৈছিল৷ সমগ্ৰ দেশত এই কাণ্ডক লৈ উত্তেজনা বিয়পিছিল৷ কিন্তু এতিয়া ক্ষান্ত গোবড়াডাঙা আৰু উত্তৰ ২৪ পৰগনা অঞ্চল৷ 

কিন্তু শনিবাৰে সংঘৰ্ষ লগা ঠাই টুকুৰাত সাম্প্ৰদায়িক সংহতিৰ এক ইতিহাস সৃষ্টি কৰি মন্দিৰ সমিতিয়ে ঈদৰ নামাজ পঢ়াৰ বাবে ব্যৱস্থা কৰিলে ইছলামধৰ্মীৰ বাবে৷ পশ্চিম বংগৰ গোবড়াডাঙাৰ গঢ়পাহাৰত হিন্দু ধৰ্মৰ লোকে মুছলমানৰ বাবে ঈদৰ নামাজ পঢ়াৰ বাবে ব্যৱস্থা কৰে৷ এই ঘটনাই সংঘৰ্ষৰ সেই সময়ৰ ভয়াবহ ছবি সমূহ পাহৰাই পেলায়৷ 

গঢ়পাহাৰত বহু ইছলামধৰ্মী আছে৷ কিন্তু ঈদৰ নামাজ পঢ়াৰ বাবে বিশেষ ময়দান নাই৷ মছজিদ আছে যদিও এলেকটোৰ সকলো লোকেই সমূহীয়া ভাবে নামাজ পঢ়াটো অসম্ভৱ৷ যাৰ বাবে শনিবাৰে ইছলামধৰ্মী সমস্যাত পৰে৷ বৰষুণ দি থকাৰ ফলত মছজিদ সমিতিয়ে বিপদত পৰে৷ স্থানীয় হিন্দু ধৰ্মৰ নেতৃস্থানীয় লোক সমীৰ নন্দী, শংকৰ দত্ত, বিশ্বজিত দাস আদিয়ে এই কথা অৱগত হয়৷ তাৰ লগে লগে ইছলামধৰ্মীসকলক স্থানীয় হিন্দু যুৱকসকলে চিন্তা কৰিব নালাগে বুলি কয়৷ 

চিন্তা কৰিব নালাগে বুলি কৈ এটি ক্লাৱ ঘৰ আৰু দুৰ্গা মন্দিৰত উপস্থিত হয় হিন্দু যুৱকসকল৷ সেই ঠাইত প্ৰতিবছৰে অনুষ্ঠিত হয় দুৰ্গাপূজা৷ তাৰ পিছতে কিছু সময় পিছতেই মন্দিৰ আৰু মছজিদ সংলগ্ন বহল ঠাই টুকুৰা পৰিস্কাৰ কৰা হয়৷ মন্দিৰৰ সমীপৰ ওখ ঠাই টুকুৰাও পৰিষ্কাৰ কৰা হয়৷ সেই ঠাইত ইছলামধৰ্মীসকলে নামাজ আদায় কৰে৷ 

জানিব পৰা মতে, সাংস্কৃতিক দিশত আগবঢ়া ঠাই টুকুৰাত মন্দিৰ, মছজিদ, গীৰ্জা আদি একেলগে আছে৷ ইছলমাধৰ্মীসকলে নামাজ আদায় কৰাৰ সময়ত সেই স্থানত উপস্থিত হয় সকলো ধৰ্মৰ লোত৷ নামাজ আদায় কৰাৰ পিছত হিন্দু-মুছলমানে আলীংগন কৰি সাম্প্ৰদায়িক সংহতিৰ নতুন ইতিহাস সৃষ্টি কৰে৷

আবুবক্কৰ নামৰ মছজিদ সমিতিৰ সভাপতিগৰাকীয়ে হিন্দু ধৰ্মৱলম্বীৰ এই সিদ্ধান্তৰ বাবে ইছলামধৰ্মী লোকসকল আনন্দিত হৈ পৰা বুলি কয়৷ মন্দিৰ সমিতিয়ে নামাজ পঢ়াৰ ব্যৱস্থা কৰি দিছে এয়া এক নজিৰ হৈ থাকিব বুলিও কয়৷