গুৱাহাটীঃ আজি বিশ্ব নাট্য দিৱসৰ দিনাই অসমৰ নাট্য জগতৰ মহীৰুহ পদ্মশ্ৰী সন্মানেৰে বিভূষিত অৰুণ শৰ্মাৰ দেহাৱসান ঘটে। নতুন দিল্লীৰ সমীপৰ মেডান্ত দ্য মেডিছিটীত পুৱা ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে দুবাৰকৈ অকাডেমী বঁটা লাভ কৰা একমাত্ৰ অসমীয়া সাহিত্যিকগৰাকীয়ে।
একাধাৰে নাট্যকাৰ, ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ, নাট্য সমালোচক, প্ৰবন্ধকাৰ, অনুবাদক, অভিনেতা, নাট্য সংগঠক অৰুণ শৰ্মাই কালজয়ী সাহিত্যৰে আশীৰ্বাদৰ ৰং ছটিয়াই থৈ গ’ল অসমীয়া সমাজ-সাহিত্যত।
'আকাশত আইডিয়াৰ অনন্ত চৰাই উৰি যায়.....এটি আইডিয়াৰ চৰাইক মই ধৰিবলৈ চেষ্টা কৰিছিলো।........তাৰ কণ্ঠত মই অমিয়া সুৰৰ ঢৌ তুলিম সুৰৰ অপূৰ্ব মূচ্ছনা তুলিম’’- অসমীয়া নাট্য জগতৰ এটা কালজয়ী চৰিত্ৰ ‘শ্ৰীনিবাৰণ ভট্টাচাৰ্য’ৰ এই সংলাপ অৰুণ শৰ্মাৰ নাটকৰে।
ব্যক্তি আৰু সমাজৰ সংঘাতৰ মাজেৰে অহা মানসিক দ্বন্দৰ সুকীয়া উপস্থাপনেৰে অসমীয়া নাট্য সাহিত্যপ্ৰেমীৰ মনত সাঁচ বহুৱাই যাবলৈ সক্ষম হোৱা অৰুণ শৰ্মাই নাটকৰ চৰিত্ৰ, উপস্থাপন, পৰিৱেশন আদি সকলো দিশতে এক বিশেষ ধাৰাৰ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছি্ল।
নাটকৰ মাজেৰে চিৰন্তন মানৱীয় সত্যৰ অন্বেষণ কৰা সাহিত্যিকগৰাকীৰ জন্ম হয় ১৯৩১ চনত ডিব্ৰুগড় জিলাৰ সেন্দুৰী আলিত। তেওঁৰ পিতৃৰ নাম আছিল তিলক চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম আছিল নৰ্মদা কুমাৰী দেৱী। তেওঁৰ পিতৃ ৩৫ চনত তেওঁৰ পৰিয়াল হেলেমৰ ওচৰৰ হেলেমগুৰিৰ এখন গাঁৱলৈ গুছি যায়। তিলক চন্দ্ৰ শৰ্মাই গান্ধীৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ তেতিয়াৰ পৰা খেতি আৰু সমাজ সেৱাৰ লগত নিজকে জড়িত কৰি ৰাখে।
অৰুণ শৰ্মাই তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰে আৰু তাৰপৰাই ১৯৪৮ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত কটন কলেজৰ পৰা ১৯৫২ চনত আই এ আৰু ১৯৫৪ চনত শিক্ষা বিষয়ত অনাৰ্চ সহ স্নাতক ডিগ্ৰী লাভ কৰে। এইখিনি সময়ৰ পৰাই তেওঁ নাটক আৰু কবিতা ৰচনা কৰিবলৈ আৰম্ভ কৰে।
দা আসাম ট্ৰিবিউন কাকতৰ আৰ্হি কাকত চাওঁতা হিচাপে অৰুণ শৰ্মাই নিজৰ কৰ্মজীৱনৰ পাতনি মেলে আৰু পিছলৈ এই কাকতৰ সহকাৰী সম্পাদক হৈছিল। ১৯৫৫ চনত তেওঁ জন্ম হোৱা গাঁও হালেমলৈ উভতি যায় আৰু তাত এম চি ডি হাইস্কুলত সহকাৰী অধ্যক্ষ পদত যোগদান কৰে।
১৯৬০ চনত তেওঁ পুনৰ গুৱাহাটীলৈ উভতি আহে আৰু অল ইণ্ডিয়া ৰেডিঅ’ত যোগদান কৰে। তেতিয়াৰ পৰাই তেওঁ গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ সৈতে জড়িত হৈ থাকে। প্ৰথমতে ইয়াত প্ৰযোজক হিচাবে কাম কৰিছিল আৰু পিছত জ্যেষ্ঠ প্ৰযোজক হৈছিল। তেওঁ শিক্ষাবিষয়ক প্ৰচাৰ বিভাগৰ মুৰব্বী আছিল আৰু এই বিভাগটোৱে শ্ৰেণীকোঠাৰ বাহিৰত অতিৰিক্ত জ্ঞান যোগাৱাৰ এক মাধ্যম আছিল।
১৯৬৯ চনত তেওঁ লণ্ডনৰ বি বি চিত ৰেডিঅ’ প্ৰ’গাম প্ৰডাকচনৰ ওপৰত ছমহীয়া প্ৰশিক্ষণ লৈছিল। ১৯৭০ আৰু ১৯৮০ দশকত তেওঁ গুৱাহাটী আকাশবাণী কেন্দ্ৰত নাটক বিভাগৰ সহায়ক আছিল। এই সময়তে তেওঁ ৪৭ খন নাটক আৰু গুৱাহাটী আকাশবাণী কেন্দ্ৰ আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ নেচনেল প্ৰ’গামৰ বাবে আৰু যথেষ্ট সংখ্যক অনাতাঁৰ তথ্যচিত্ৰ (Radio Documentary) ৰচনা আৰু নিৰ্দেশনা কৰে। তেওঁ এই তথ্যচিত্ৰসমূহৰ বাবে তিনিটাকৈ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে।
১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈকে তেওঁ ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ সঞ্চালক হিচাবে কাৰ্য্যনিৰ্বাহ কৰে। ইয়াৰ পিছত তেওঁ ১৯৯০ চনত শ্বিলঙৰ অল ইণ্ডিয়া ৰেডিঅ’, নৰ্থ ইষ্ট চাৰ্ভিচৰ সঞ্চালক পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।
অৱসৰ গ্ৰহণ কৰাৰ পাছত অৰুণ শৰ্মা সাপ্তাহিক অসমীয়া বাতৰি কাকত পূৰ্বাচলৰ প্ৰতিষ্ঠাপক সম্পাদক (১৯৯০-১৯৯২) হিচাপে আৰু ১৯৯২ চনৰ পৰা ১৯৯৭ চনলৈকে অসম চাহ কমিটীৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাবে কাৰ্যনিৰ্বাহ কৰে। সেই সময়তে অসমত বিভিন্ন বিবাদ হৈছিল আৰু তেওঁক স্থানীয় চাহ উদ্যোগ আৰু অসমীয়া লোকসকল মাজত মিলা-প্ৰীতি আনিবৰ বাবে নিমন্ত্ৰণ কৰা হৈছিল।
২০০৫ চনত তেওঁ অসম বুৰঞ্জীক কেন্দ্ৰ কৰি son-et-lumiere (sound-and-light show) ৰচনা কৰি প্ৰদৰ্শন কৰে আৰু ইয়াক দৈনিক গুৱাহাটীত অৱস্থিত শংকৰদেৱ কলাক্ষেত্ৰত ব্যৱস্থা কৰা হৈছিল। ইয়াৰ উপৰিও তেওঁ ২০০২ চনত অসম নাট্য সন্মিলনৰ দুবছৰীয়া কাৰ্যকালৰ সভাপতি আছিল।
তেঁওৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে। শৰ্মাৰ বিয়োগ অসমীয়া সাহিত্যৰ বাবে অপূৰণীয় ক্ষতি আখ্যা দি গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেঁওৰ বিদেহী আত্মাৰ চিৰশান্তিৰ প্ৰাৰ্থনা কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে।