ডিফুঃ কাৰ্বি আংলং জিলাৰ মাঞ্জাত যোৱা নিশা সেনা আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই কুকি ৰিভল্যুশ্যনাৰী আৰ্মীৰ প্ৰাক্তন কেডাৰক আটক কৰে। ধৃত কেডাৰজন হৈছে লামথাং হাউচিউ। সেনা আৰু আৰক্ষীয়ে হাউচিউৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে।
প্ৰাপ্ত বাতৰি মতে, এক গোপন সূত্ৰৰ পম খেদি সেনাৰ ১২ নং গাৰোৱান ৰেজিমেণ্ট আৰু মাঞ্জা আৰক্ষীৰ উপ-পৰিদৰ্শক প্ৰদ্যুৎ কুমাৰ দত্তৰ নেতৃত্বত অভিযান চলোৱা হয়। মাঞ্জা থানাৰ অন্তৰ্গত জলিয়ান গাঁৱত নিশা ৮ বজাৰ পৰা আজি পুৱা ১১ বজালৈ যুটীয়া অভিযান চলাই দলটোৱে।
অভিযান কালত সেনা-আৰক্ষীয়ে লামথাঙৰ ঘৰৰ পৰা দুটা দেশীয়ভাৱে নিৰ্মিত ৰাইফল আৰু ৯টা কাৰ্টিজ উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত আত্ম সমৰ্পণকাৰী উগ্ৰপন্থী সদস্যজনৰ বিৰুদ্ধে মাঞ্জা থানাত এটি গোচৰো ৰুজু কৰা হয়।
আত্মসমৰ্পণ কৰাৰ পিছতো এনেদৰে একাংশ উগ্ৰপন্থী সদস্যই অস্ত্ৰ-শস্ত্ৰ লৈ জিলাখনত সক্ৰিয় হৈ থকা কাৰ্যটোৱে সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে। আনহাতে, পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণাৰ সৈতে আত্মসমৰ্পণকাৰী উগ্ৰপন্থী সদস্যৰ ঘৰত এনেদৰে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱাটোৰ কোনো বিশেষ যোগসূত্ৰ থাকিব পাৰে বুলিও পাহাৰীয়া জিলাখনৰ বহুতে শংকা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।