নগাঁও/ধিংঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আপুৰুগীয়া সম্পদ প্ৰদৰ্শন কৰা হ’ব নগাঁৱৰ ৰাইদঙীয়াত৷ কলা-কৃষ্টি-সাহিত্য-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি নগাঁও জিলাৰ বটদ্ৰৱাৰ নাতি দুৰৰ ৰাইদঙীয়াৰ শ্ৰীশ্ৰী ন-সত্ৰ শলগুৰি সত্ৰত যুগ যুগ ধৰি সংৰক্ষিত হৈ আছে গুৰুজনাৰ বহু আপুৰুগীয়া সম্পদ৷
গুৰুজনাই ব্যৱহাৰ কৰা খৰম, নিজ হাতেৰে লিখা সাঁচিপতীয়া পুথি, বিভিন্ন ঠাইত তীৰ্থ ভ্ৰমণ কৰি উভতি আহোতে লগত অনা সাগৰ বস্তুৰ লগতে কলিয়া গোঁসাই আৰু বংশীবাদন গোঁসাইৰ আটকধুনীয়া মূৰ্তি, চৰণ পাদুকা, পদশিলা আদি প্ৰদৰ্শন কৰা হ’ব ৰাইদঙীয়াৰ শ্ৰীশ্ৰী ন-সত্ৰ শলগুৰি সত্ৰত ৷
এই ঐতিহাসিক আপুৰুগীয়া সম্পদসমূহ সত্ৰ পৰিচালনা সমিতিয়ে বিগত বৰ্ষৰ দৰে এইবাৰো অহা ২ জুলাইত সত্ৰ প্ৰাংগণত দৰ্শনাৰ্থীৰ বাবে প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে ৷ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম মহন্ত, নলবাৰী জিলাৰ ঐতিহাসিক খাৰিকুছি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ মহন্ত আদি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে উক্ত প্ৰদৰ্শনী অনুষ্ঠানত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷