newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ৷ কৃষকৰ আশানুসাধ্য পৰিশ্ৰম আৰু কষ্টৰ ফলত আজি ভাৰতবাসীয়ে শান্তিৰ দুবেলা দুমুঠি খাব পাই আছে৷ কিন্তু যিয়ে আমাক অন্ন যোগান ধৰিছে, তেওঁলোকৰ সুবিধা অসুবিধাসমূহৰ বিষয়ে কোনেও চিন্তা নকৰে৷ চৰকাৰে কৃষকসকলৰ স্বাৰ্থত কাম কৰিব বুলি নিৰ্বাচনী প্ৰচাৰ চলাই অৱশেষত প্ৰতিশ্ৰুতিৰ পৰা লুটিবাগৰ মাৰি অহা পৰিলক্ষিত হৈছে৷
চীন, জাপানৰ দৰে অন্যান্য ৰাষ্ট্ৰ সমূহে কৃষকৰ বাবে যি যি সুবিধা প্ৰদান কৰে, তাৰ আধা বা এক চতুৰ্থাংশও যদি ভাৰত চৰকাৰে কৃষকসকলক প্ৰদান কৰিলে হেতেন তেন্তে ভাৰতবৰ্ষৰ কৃষি ক্ষেত্ৰৰ অধিক উন্নয়ন হ’ল হেতেন৷ কিন্তু বৰ্তমান, কষ্টৰ উচিত দাম লাভ নকৰি প্ৰতি বছৰে হাজাৰ হাজাৰ কৃষকে আত্মহত্যাৰ পথ বাছি ল’বলগা হৈছে৷
কিন্তু লাহে লাহে কৃষকে চৰকাৰৰ ৰেহ ৰূপক লৈ বিতুষ্ট হৈ পৰিছে৷ নিজৰ অধিকাৰ দাবীত পথাৰ এৰি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে৷ কৃষক সকলক মৰ্যাদা প্ৰদান কৰি পৰ্যাপ্ত সা-সুবিধা প্ৰদান কৰিবলৈ কৃষকসকলে চৰকাৰৰ বিৰুদ্ধে দাবী উত্থাপন কৰিছে৷ শেহতীয়াকৈ পঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, কেৰেলা আদি ৰাজ্যৰ কৃষকসকলে ‘গাঁও বন্ধ’ আন্দোলন আৰম্ভ কৰিছে৷
১ জুনৰ পৰা ১০ জুনলৈ ১০ দিন ধৰি চলিবলগীয়া কৃষকৰ গাঁও বন্ধ আন্দোলনৰ সময়ত গাঁৱৰ উৎপাদিত সামগ্ৰী চহৰলৈ আমদানি কৰা বন্ধ থাকিব৷ বৃদ্ধ কৃষকক মাহে ৫ হাজাৰকৈ পেঞ্চন প্ৰদান, কৃষকৰ উৎপাদিত সামগ্ৰীৰ বজাৰ মূল্য বৃদ্ধি কৰা, কৃষি ঋণ মাফ কৰা আদি কেইবাটাও দাবী উত্থাপন কৰি কৃষক সমাজ আন্দোলনৰ বাবে সাজু হৈছে৷
ইফালে কৃষকৰ অধিকাৰৰ দাবীক গুৰুত্ব প্ৰদান কৰাৰ পৰিৱৰ্তে কেন্দ্ৰীয় কৃষিমন্ত্ৰীয়ে কৃষকৰ স্বাভিমানক অপমান কৰাহে পৰিলক্ষিত হৈছে৷ কৃষিমন্ত্ৰী ৰাধা মোহন সিঙে শনিবাৰে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যই কৃষকৰ অধিকাৰৰ আন্দোলক মূল্যহীন কৰি তুলিছে৷
কৃষক আন্দোলনৰ বিষয়ে শনিবাৰে কেন্দ্ৰীয় কৃষিমন্ত্ৰী ৰাধা মোহন সিঙে কয়, ‘কিছুমান কৃষকে সংবাদ মাধ্যমত প্ৰচাৰ লাভ কৰিবলৈ বিক্ষোভ প্ৰদৰ্শন কৰিছে৷ আৰে ভাই, যদি কোনো সংগঠনত ডেৰ-দুহেজাৰ কৃষক থাকে, তেন্তে এয়াই স্বাভাৱিক৷ মিডিয়াত প্ৰচাৰ লাভ কৰিবলৈ হলেতো কবা ব্যতিক্ৰম কৰিবই লাগিব৷’
ইমানেই নহয়, কৃষকসকলৰ বিক্ষোভক উপলুঙা কৰি স্বাভিমানী কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, ‘সমগ্ৰ দেশত কোটি কোটি কৃষক আছে৷ তাৰ মাজৰ কিছু সংখ্যকেহে এই কৃষক আন্দোলনত যোগ দিছে৷ এই কৃষক আন্দোলনৰ কোনো মূল্য নাই৷’
আনাহাতে মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰে কৃষকসকলৰ স্বাৰ্থত যথেষ্ট তৎপৰ বুলিও মন্তব্য কৰে ৰাধা মোহন সিঙে৷ ইফালে বিজেপিৰ স্বাভিমানী কৃষিমন্ত্ৰী গৰাকীৰ মন্তব্যৰ পিছতে সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷
খোদ কৃষি মন্ত্ৰীয়ে কৃষকৰ সমস্যাক গুৰুত্ব নিদি এনে দায়িত্বজ্ঞানহীন মন্তব্য প্ৰকাশ কৰাত ক্ষমতাই বিজেপিৰ মূৰত ধৰিছে বাবেই এনে মন্তব্য কৰিবলৈ সাহস কৰিছে বুলি কৃষক তথা সাধাৰণ জনতাই কেন্দ্ৰীয় কৃষিমন্ত্ৰী ৰাধা মোহন সিঙৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে৷