newsnextone.com | ডিজিটেল ডেস্কঃ মুষলধাৰে নামি অহা বৰ্ষাই মায়ানগৰী মুম্বাইত তাণ্ডৱ সৃষ্টি কৰাৰ সময়তে এইবাৰ জুইৰ লেলিহান শিখাই মায়ানগৰীখনত প্ৰাণ ল’লে অগ্নি নিৰ্বাপক বাহিনীৰ দুগৰাকী কৰ্মীৰ৷
শনিবাৰে পুৱা মুম্বাইৰ ফোৰ্ট অঞ্চলত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়৷ এটা বাসগৃহত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ওচৰৰ এটা অট্টালিকাৰ আধা অংশ ভাঙি পৰে বুলি জানিব পৰা গৈছে৷ যাৰ ফলত জুই নুমুৱাবলৈ যোৱা অহ্নি নিৰ্বাপক বাহিনীৰ দুজন কৰ্মচাৰীৰ মৃত্যু ঘটে৷
জুয়ে অঞ্চলটো ছানি ধৰাত অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷ জুইৰ গতি প্ৰতিৰোধ কৰিবলৈ ঘটনাস্থলীত প্ৰথমে ১২ খন অগ্নি নিৰ্বাপৰ বাহিনীৰ গাড়ী উপস্থিত হয় যদিও পিছত জুইৰ গতি দেখি ১৮ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ সক্ষম হয়৷
জানিব পৰা মতে, পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণলৈ আহিছে৷ জুইি লেলিহান শিখাই কেইবালাখ টকাৰ সা-সম্পত্তি ভস্মীভূত কৰা বুলি জানিব পৰা গৈছে৷ ১৫০ জন অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীৰ অশেষ চেষ্টাত অঞ্চলটোৰ পৰা বিপদ দূৰ হয়৷