ডিজিটেল ডেস্কঃ  সমগ্ৰ হিমাচলপ্ৰদেশত এতিয়া বিৰাজ কৰিেছ শীতে। কোনো কোনো ঠাইত তাপমাত্ৰা হৈছেগৈ মাইনাচ ৬ ডিগ্ৰি। কিন্তু এই ঠাণ্ডাৰ মাজটো যেন উত্তাপ বৃদ্ধি কৰিছে নিৰ্বচনী বতাহে৷ বৃহস্পতি বাৰে হিমাচলপ্ৰদেশত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহনত ৫০ লাক্ষৰো অধিক লোকে ভোট প্ৰদান কৰিব৷ পুৱা ৮ বজাৰ পৰাই এই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷

এইবাৰৰ নিৰ্বাচনত সকলো দলৰে মিলি মুঠ ৩৩৮ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰা হ’ব৷  হিমালয়ৰ তীব্ৰ ঠাণ্ডাকো উপেক্ষা কৰি ভোটপ্ৰদানৰ বাবে ওলাই আহিল সাধাৰণ জনতা৷ হিমাচলপ্ৰদেশৰ ধৰমশালাৰ প্ৰতিটো কেন্দ্ৰতে পুৱাই দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে৷

উল্লেখযোগ্য যে, প্ৰথম বাৰৰ কাৰণে হিমাচলপ্ৰদেশত ২৯ জন তৃতীয় লিঙ্গৰ ব্যক্তিয়ে ভোটপ্ৰদান কৰিব৷

এইবাৰৰ বিধানসভা নিৰ্বাচন বীৰভদ্ৰ সিঙৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ কিয়নো তেওঁ যদি এইবাৰ জয়লাভ কৰে তেনেহ’লে হিমাচলপ্ৰদেশ বিধানসভাত অষ্টম বাৰৰ বাবে জয়ৰ ৰেৰ্কড গঢ়িব ৮৩ বছৰিয়া বীৰভদ্ৰই৷ কিন্তু তেওঁ ইতিমধ্যেই ঘোষণা কৰিছে যে এইবাৰেই তেওঁৰ শেষ নিৰ্বাচন৷

পূৰ্বৰ দৰে এইবাৰো মূল যুদ্ধখন কংগ্ৰেছ আৰু বিজেপিৰ মাজতেই হ’ব বুলি জানিব পৰা গৈছে৷ মুঠ ৬৮ খন আসনৰ প্ৰত্যেকখন আসনতে দুয়োটা দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে৷ এই নিৰ্বাচনৰ ফলাফল গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ সৈতে একেলগে ১৮ ডিচেম্বৰত ঘোষণা কৰা হ’ব৷