বালিপৰাঃ তৃতীয়বাৰৰ বাবে বানৰ কবলত পৰিছে বালিপৰা। আজি পুৱাৰ পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত বালিপৰাৰ বিস্তীৰ্ণ অঞ্চল পুনৰ বানৰ কবলত পৰে। বিশেষকৈ অৰুণাচল প্ৰদেশৰ কামেং আৰু অসমৰ জীয়াভৰলী নৈৰ উপনৈ জৰাশৰ নৈৰ বাঢ়নী পানী বিপদসীমাৰ ওপৰৰে বৈ থকাত বৃহত্তৰ অঞ্চলটোত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে।
বালিপৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰে পানী প্ৰায় ৩ ফুট ওপৰৰে বৈছে। ফলত ঘাইপথত যাতায়তত অসুবিধাৰ সৃষ্টি হৈছে। পানী্ৰ সোত অধিক হোৱাৰ ফলত বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ-ছাত্ৰী সকলে বিপদসংকুলভাৱে যাতায়ত কৰিবলগীয়া হৈছে। ইয়াৰ ওপৰি বালিপৰা সমবায় সমিতি, কামাৰীগাওঁ নামঘৰ, প্ৰাথমিক বিদ্যালয়, পাকবিল দীঘলীগাওঁ, চাৰিদুৱাৰকে আদি কৰি প্ৰায় ১০ খনতকৈ অধিক গাঁও বৰ্তমান পানীৰ তলত আছে।
ইফালে, বালিপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ যোৱা ৮ দিন ধৰি পানীৰ তলত থকাৰ ফলত ৰোগীসকলৰ হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। একেদৰে অধিক বৰষুণ হোৱাত গ্ৰামাঞ্চলৰ পথসমূহ বোকাময় হৈ পৰাত ৰাইজৰ যাতায়ততো বহু অসুবিধাৰ সৃষ্টি হৈছে। আকৌ ৰঙাপৰাৰ বিভিন্ন অঞ্চলো কৃত্ৰিম বানপানীৰ কবলত পৰিছে। ৰঙাপৰা-মিছামাৰী সংযোগী গড়কাপ্তানী পথচোৱাত একাঁঠুলৈকে পানী হোৱাত যান-বাহন চলাচল ব্যাহত হৈ পৰে। এ
কেদৰে ৰঙাপৰাৰ মিলনপল্লীৰ বাট-পথ আৰু ৰাইজৰ বাসগৃহত পানীয়ে উপচাই পেলাইছে। পুৱা ছাত্ৰ- ছাত্ৰীসকলে পানী গছকি বিদ্যালয়লৈ যাবলগীয়া হৈছে। ৰঙাপৰাৰ নগৰ সমিতিৰ কাৰ্যালয়ৰ সন্মুখৰ পথচোৱাত কৃত্ৰিম বানৰ সৃষ্টি হয়। ৰঙাপৰাৰ নলা-নদৰ্মাবোৰেৰে পানী নিষ্কাসন নোহোৱাৰ বাবেই কেতবোৰ স্থানত এইদৰে কৃত্ৰিম বানৰ সৃষ্টি হোৱা বুলি অভিযোগ উঠিছে। লক্ষ্যণীয় যে তিনিবাৰকৈ বালিপৰা বানৰ কবলত পৰাৰ পাছতো খবৰ ল’বলৈ আহৰি পোৱা নাই স্থানীয় বিধায়ক তথা প্ৰশাসনে।