কাজলগাঁও/ওদালগুৰি/গৌৰীসাগৰ/লখিমপুৰঃ অসম বন্ধ, ৰেল অৱৰোধেৰে নামনি অসম উত্তাল হৈ থকাৰ সময়ত উজনি অসমৰ জনসাধৰণ বানৰ কবলত ককবকাই থাকিব লগীয়া হৈছে৷ সুকীয়া ৰাজ্য, জনজাতিকৰণৰ দাবীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই প্ৰতিবাদ অব্যাহত ৰাখিছে৷

আজি সংগঠনটোৱে জনজাতিকৰণ তথা সুকীয়া ৰাজ্যৰ দাবীত ৰেল পথ অৱৰোধ কাৰ্যৰ্সূচী ৰূপায়ণ কৰে৷ তাৰ মাজতে ৰাষ্ট্ৰীয় শ্বহীদ মেজৰ দুৰ্গা মল্লৰ আৱক্ষ মূৰ্তি ক্ষতিৰ কৰাৰ প্ৰতিবাদত গোৰ্খা ছান্থাই আজি ওদালগুৰি জিলা বন্ধ ঘোষণা কৰে৷ জিলাখনত পুৱাৰে পৰা বন্ধৰ সমৰ্থকসকলে ঘাইপথত টায়াৰ জ্বলোৱাৰ লগতে কেইবাখনো গাড়ীৰ গ্লাছ ভাঙি পেলায়৷ বন্ধৰ সময়ছোৱাত জিলাখনত নিমাওমাও পৰিৱেশে বিৰাজ কৰে৷

ইফালে চিৰাং জিলাৰ বাসুগাঁও ৰেল ষ্টেশ্যনত আক্ৰাছুৰ প্ৰদীপ ৰায় গোটে আজি ৰেলপথ অৱৰোধ কৰে৷ বিয়লি দুই বজাত ৰেল পথ অৱৰোধ প্ৰত্যাহাৰ কৰে যদিও ৰাইজ ব্যাপক সমস্যাত পৰে৷ কমতাপুৰ ৰাজ্যৰ পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত পুৱা পাঁচ বজাৰ পৰা এই কাৰ্যসূচী ৰূপায়ণ কৰে কেইবা সহস্ৰাধিক লোকে৷

ৰেল অৱৰোধস্থলীত ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিচাপে উপস্থিত হৈ গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায়ে অৱৰোধ কাৰ্যসূচী উঠাই ল‘বলৈ আহ্বান জনায়৷ আন্দোলনকাৰীৰে আলোচনা কৰি বিধায়ক সৰকাৰে মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰে৷

মুখ্যমন্ত্ৰীয়ে ১৭ জুলাইৰ আবেলি পাঁচ বজাত অালোচনাৰ বাবে আমন্ত্ৰণ জনোৱাত বিয়লি দুই বজাত ৯ ঘন্টাৰ অন্তত প্ৰত্যাহাৰ কৰে ৰেলপথ অৱৰোধ কাৰ্যসূচী৷ ৰেলপথ অৱৰোধৰ ফলত ৰেলৱে কৰ্তৃপক্ষই কেইবাখনো যাত্ৰীবাহী ৰেল বাতিল কৰাত যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে৷

আনহাতে বানৰ কবলত পৰি হাহাকাৰ কৰিব লগীয়া হয় উজনি আৰু উত্তৰ অসমৰ বহু কেইখন জিলাৰ ৰাইজে। নীপকোৱে এৰি দিয়া অতিৰিক্ত পানীয়ে কাল ৰূপ ধাৰণ কৰে ধেমাজি, লখিমপুত৷ নীপকোৰ অতিৰিক্ত পানীয়ে লখিমপুৰৰ কেবাঠাইতো ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ খহাই নিয়াৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। একেদৰে উজনিৰ গৌৰীসাগৰ, ডিব্ৰুগড়, জাঁজী, মাজুলী আদিত বানৰ কবলত পৰি ককবকাব লগা হৈছে সৰ্বসাধাৰণে৷