হোজাই/মোৰাঝাৰঃ বিলুপ্তপ্ৰায় ভিন্ন প্ৰজাতিৰ ২৩৮ বিধ থলুৱা বন শাকৰ এখন মেলা পাতি হোজাই বন বিভাগে এক ব্যতিক্ৰমী প্ৰয়াস চলোৱা কাৰ্যই ৰাইজৰ পৰা ব্যাপক সমাদৰ লাভ কৰিছে৷ ডবকা বন বিভাগৰ উদ্যোগত আয়োজিত এই ব্যতিক্ৰমী কাৰ্যসূচীয়ে বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ লগতে স্থানীয় ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷

দক্ষিণ নগাঁও বন সংমণ্ডলৰ অন্তৰ্গত যমুনাভেলী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত হালধিআটীস্থিত কেম্পা নাৰ্ছাৰীত এই ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ ডবকা বনাঞ্চল জৈৱ-বৈচিত্ৰ্যৰ ভাণ্ডাৰ ৰূপে পৰিচিত৷ এই বনাঞ্চলৰ অন্তৰ্ভাগত বহু দুষ্প্ৰাপ্য অথচ ঔষধী তৃণ-গছ আছে৷

কিন্তু এনে গছ, তৃণ-লতাবোৰ নাইকিয়া হোৱাৰ উপক্ৰম হৈছে৷ বৰ্তমান দ্ৰুত হাৰত বন দৰব হ্ৰাস পোৱাৰ সময়ত ডবকাত বন শাকৰ মেলা পাতি এইবিধ বন্য তৃণৰ সৈতে আজিৰ প্ৰজন্মক চিনাকি কৰাই দিয়াৰ উদ্দেশ্য হোজাই বন বিভাগৰ উদ্যোগত এই মেলাৰ আয়োজন  কৰা হয়৷

আজি পুৱাৰ ভাগত ডবকাৰ পৰা সাত কিলোমিটাৰ নিলগত অৱস্থিত ডবকা-হালধিআটী কেম্পা নাৰ্ছাৰীত এই মেলাৰ আয়োজন কৰা হয়৷ বন শাক মেলাৰ প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্য বন সংৰক্ষক বিষয়া ডি মাথুৰে৷ ইয়াৰ পিছতেই বন শাক মেলাৰ লগত সংগতি ৰাখি এক সজাগতা সভাৰ আয়োজন কৰা হয়৷ হোজাইৰ ডি এফ অ' শ্বফিকুৰ ৰহমানে আঁত ধৰা মুকলি সভাত হোজাইৰ উপায়ুক্ত ডাঃ এছ লক্ষ্মনন, উত্তৰ অসম চক্ৰৰ বন সংৰক্ষক পি শিৱকুমাৰ, হোজাই কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ দিবাকৰ গোস্বামীয়ে জৈৱ-বৈচিত্ৰ্য সন্দৰ্ভত বক্তব্য প্ৰদান কৰি ইয়াৰ সংৰক্ষণত জোৰ দিয়ে৷

আজিৰ বন শাক মেলাত বিভিন্ন প্ৰজাতিৰ ২৩৮ বিধ বন শাক প্ৰদৰ্শন কৰা হয়৷ মেলাত হোজাই আৰু চুবুৰীয়া কাৰ্বি আংলং জিলাৰ ২৩টা আত্মসহায়ক গোট আৰু ৫গৰাকীয়ে নিজস্ব উদ্যোগেৰে শাকৰ মেলাত বিলুপ্তপ্ৰায় শাক প্ৰদৰ্শন কৰে৷ পুৱাৰে পৰা উখল-মাখল পৰিৱেশ বিৰাজ কৰা হালধিআটী কেম্পা নাৰ্ছাৰীত ডবকাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা যোৱা ছাত্ৰ-ছাত্ৰী, শিক্ষক, নাগৰিক সমাজৰ লগতে ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে৷ মেলাৰ লগত সংগতি ৰাখি কেম্পা নাৰ্ছাৰীৰ সমীপতে ডবকা সংৰক্ষিত বনাঞ্চলৰ এক হেক্টৰ ভূমিত সমূহীয়াভাৱে ২০০০ বৃক্ষৰোপণ কৰা হয়৷

হোজাইৰ জিলাধিপতি ডাঃ এছ লক্ষ্মননে এই বৃক্ষৰোপণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত বন শাক মেলাত বিভিন্ন প্ৰজাতিৰ শাকৰ লগতে মাটি কাঁদুৰী, বৃন্দাবনী শাক, বন আমলখি, মাটি আমলখি, বন জালুক, শোহনি বন, গাখীৰতী বন, চেনি বন,  মধুমেহাৰী, বনধনিয়া, কণা শিমলু, বৰালী বকুৱা, হাঁচিয়া বা হাঁচিয়তি বন, কেঞাবন, দূবৰি বন, থুঠনী বা মৰলীয়া শাক, বিহলঙনি, কপৌ ঢেকীয়া, কপৌ লতা, ঢেকীয়া শাক, বিয়নি সাবটা, পনৌনৱা, লাইজাবৰি, টেঙেচি টোঙা, টুবুকি লতা, জেতেলী পকা পাত, টিকনি বৰুৱা, গোন্ধোৱা বন, দ্ৰোণ বন, ওভটা শঠ, কেঁহৰাজ, মধুৰি কুমলীয়া পাত, ভেদাই লতা আদি শাকৰ প্ৰদৰ্শনী কৰা হয়৷

সভাত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্ৰথম স্থান লাভ কৰা কাৰ্বি আংলং জিলাৰ লাংহিনৰ এটা আত্মসহায়ক গোটলৈ ৫ হাজাৰ টকা, দ্বিতীয় স্থান লাভ কৰা ৰূপৰেখা গাঁও সংঘ মহিলা সমিতিক ৩ হাজাৰ টকা আৰু তৃতীয় স্থান লাভ কৰা স্থানীয় এটা গোটক ১৫০০ টকা প্ৰদান কৰা হয়৷ ইপিনে মেলাত অংশ লোৱা প্ৰতিটো গোটলৈ ৫০০ টকাকৈ প্ৰদান কৰে দক্ষিণ নগাঁও বন সংমণ্ডল প্ৰাধিকাৰী শ্বফিকুৰ ৰহমানে৷

সভাত হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি জামাল আহমেদ, বিন্নাকান্দি আঞ্চলিক জৈৱ-বৈচিত্ৰ্য সমিতিৰ সভাপতি নূৰ আহমেদ, সহকাৰী বন সংৰক্ষক আতিকুৰ ৰহমান, ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিন, বিজেপি নেতা উত্তম সাহা, অগপ নেতা নজৰুল ইছলাম, বিন্নাকান্দি আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী ৰহিমা বেগমসহ বহুকেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে৷