মঙলদৈঃ উগ্ৰপন্থী নহয়, জুৱাৰীৰ বিৰুদ্ধে হাতে-হাতে বন্দুক লৈ আৰক্ষীৰ অভিযান। এই ঘটনা দৰং জিলাৰ। জিলাখনৰ ৰামহৰি গাঁৱত চলি থকা দৌল উৎসৱত অবৈধ জুৱােখেলে ভয়াৱহ ৰূপ ধাৰণ কৰাত দৰং আৰক্ষীয়ে এই অভিযান চলায়।

উল্লেখ্য যে সংস্কৃতিৰ মাইলৰ খুঁটি দৰঙৰ দৌল উৎসৱত ক্ৰমাৎ বৃদ্ধি পাইছে অবৈধ জুৱাৰ ঘাটি। দৌল উৎসৱক কেন্দ্ৰ কৰি দৰঙৰ বিভিন্ন স্থানত একাংশ অসাধু লোকে জুৱাৰ আড্ডা চলাই আহিছে।

সচেতন লোকৰ খবৰৰ ভিত্তিত আজি দৰং জিলাৰ মঙলদৈ থানাৰ অন্তৰ্গত ৰামহৰি গাঁৱত দৌল উৎসৱ চলি থকা অৱস্থাতেই হাতে হাতে বন্দুক লৈ মঙলদৈ আৰক্ষীয়ে জুৱাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়।

এই অভিযান কালতে সংঘটিত হয় আজৱ ঘটনা। আৰক্ষী অহাৰ উমান পাই আগে আগে দৌৰি থাকে জুৱাৰী। পিছে পিছে দৌৰি দৌৰি খেদি যায় আৰক্ষীয়ে। এনেদৰে মঙলদৈ থানাৰ পৰা যোৱা আৰক্ষীৰ এটা দলে খেদি খেদি ধৰিবলৈ সক্ষম হয় দুই জুৱাৰী ক্ৰমে কুৰবান আলী (মোৱামাৰী) আৰু চাহাবুদ্দিনক।

অৱশ্যে আৰক্ষীৰ এনে চেষ্টা সত্বেও দুজন জুৱাৰী পলাই যাবলৈ সক্ষম হয়। উল্লেখ্য যে, যুৱ-প্ৰজন্ম ধ্বংসকাৰী এই জুৱাখেলে দৰং জিলাৰ বহুকেইটা পৰিয়ালৰ ঘৰ-মাটি উচন কৰাৰ উদাহৰণ আছে। ইয়াৰ মাজতে মঙলদৈ আৰক্ষীৰ আজিৰ এই তৎপৰতাক প্ৰশংসা কৰিছে মঙলদৈবাসীয়ে।