newsnextone.com | ডিজিটেল ডেস্কঃ গৌৰী লংকেশ হত্যাকাণ্ডৰ সন্দৰ্ভত গঠন কৰা বিশেষ তদন্তকাৰী দলে পৰশুৰাম বাঘমাৰে নামৰ লোকজনক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা ৰাজনৈতিক বতাহ ক্ৰমে গৰম হ’ব ধৰিছ৷ পৰশুৰামক একাংশ সংবাদ মাধ্যমে শ্ৰীৰাম সেনাৰ নেতা বুলি প্ৰকাশ কৰাৰ পিছতে শ্ৰীৰাম সেনাৰ মুৰব্বী প্ৰমোদ মুথালিকে এই অভিযোগ খণ্ডন কৰি পৰশুৰাম তেওঁলোকৰ নেতা নহয় বুলি দাবী কৰে৷ 

শ্ৰীৰাম সেনাৰ মুৰব্বী প্ৰমোদ মুথালিকে কয় যে মই নাজানো পৰশুৰামে বিশেষ তদন্তকাৰী দলৰ সন্মুখত কি কৈছে৷ বহু লোক মোৰ সৈতে ফটো উঠে৷ কোনোবাই ফটো উঠিলে কোনো লোক সংগঠনৰ নেতা হৈ নাযায়৷ পৰশুৰামৰ শ্ৰীৰাম সেনাৰ সৈতে কোনো সম্পৰ্ক নাই৷

বিশেষ তদন্তকাৰী দলে মহিলা সংবাদিক গৌৰী লংকেশক হত্যাৰ অভিযোগত পৰশুৰামক গ্ৰেপ্তাৰ কৰাৰ পিছতে শ্ৰীৰাম সেনাৰ ৰাকেশ মথ নামৰ এগৰাকী জিলা সভাপতিক চমন প্ৰেৰণ কৰি সোধপোছৰ বাবে হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে৷ এগৰাকী আৰক্ষী বিষয়াই ৰাকেশ মথক হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি পৰশুৰাম শ্ৰীৰাম সেনাৰ নেতা বুলি কয়৷ ৰাকেশ মথ নামৰ লোকজনৰ গৌৰী লংকেশৰ হত্যাকাণ্ডত হাত থকাৰ সন্দেহ কৰা হৈছে৷ 

কানাড়া এখন সংবাদ পত্ৰৰ ‘গৌৰী লংকেশ পত্ৰিকা’ৰ সাংবাদিক গৌৰী লংকেশৰ হত্যাকাণ্ড তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলে পৰশুৰাম বাঘমাৰেক যোৱা সপ্তাহত গ্ৰেপ্তাৰ কৰিছিল৷ উত্তৰ কৰ্ণাটকৰ বিজয়পুৰ জিলাৰ পৰা আটক কৰিছিল পৰশুৰামক৷ তদন্তকাৰী দলৰ সন্মুখত পৰশুৰামে গৌৰী লংকেশত গুলীয়াই হত্যা কৰাৰ কথা প্ৰকাশো কৰা বুলি উল্লেখ কৰে বিশেষ তদন্তকাৰী দলে৷ কিন্তু পৰশুৰামে জনা নাছিল তেওঁ হত্যা কৰিব খোজা লোকগৰাকী কোন আছিল৷ বিশেষ লোকৰ নিৰ্দেশত এই কাম কৰা বুলি অনুমান কৰা হৈছে৷ 

২০১৭ চনৰ ৫ ডিচেম্বৰত গৌৰি লংকেশক বেংগালুৰুৰ পাশা এলেকাত নিজ ঘৰৰ চৌহদতে ৪টা গুলী মাৰি হত্যা কৰিছিল৷ সমগ্ৰ দেশ উত্তাল হৈ পৰিছিল ন্যায় বিচাৰি৷ তাৰ পিছতে স্থানীয় চৰকাৰে বিশেষ তদন্তকাৰী দল গঠন কৰে৷

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত খবৰ মতে, পৰশুৰামে দিয়া স্বীকাৰোক্তি মতে, পৰশুৰামক কোনো লোকে ২০১৭ চনৰ মে’ মাহত নিজ ধৰ্ম ৰক্ষাৰ বাবে  কাৰোবাক মাৰিব লাগে বুলি কৈছিল৷ তেওঁ মাৰিবলৈ সন্মত হৈছিল৷ তেতিয়া লৈকে পৰশুৰামে জনা নাছিল কাক মাৰিব লাগে৷ তেওঁ কয় ‘‘মই এতিয়া ভাবিছোঁ কোনো মহিলাক মাৰিব নালাগিছিল৷’’

পৰশুৰামক বিজয়পুৰ জিলাৰ পৰা কোনো লোকে বাংগালুৰুলৈ লৈ আহিছিল৷ প্ৰথমে তেওঁক এটা ঘৰত ৰখা হয়৷ বেলগাবী নামৰ ঠাইত পিষ্টল চলোৱাৰ প্ৰশিক্ষণ দিয়া হৈছিল৷ পিছত যিগৰাকী মানুহক হত্যা কৰিবলৈ লৈ আহিছিল সেই লোকগৰাকীৰ ঘৰটো দেখুৱাব লৈ গৈছিল পৰশুৰামক৷ দ্বিতীয় দিনা এগৰাকী অচিনাক্ত লোকে পৰশুৰামক বাইকেৰে গৌৰী লংকেশৰ আৰআৰ নগৰৰ ঘৰত ওচৰত থৈ আহে৷ সেই দিনাই মোক গৌৰী লংকেশক হত্যা কৰিব দিছিল যদিও সেই দিনা গৌৰী লংকেশে ঘৰৰ পৰা ওলোৱা নাছিল৷

তাৰ পিছতে ২০১৭ চনৰ ৫ ডিচেম্বৰত আবেলি মোক বন্দুক দিয়া হৈছিল৷ সন্ধিয়া গৌৰী লংকেশে গাড়ীৰ দুৱাৰ খুলি ঘৰৰ ফালে আগবঢ়াৰ লগে লগে মই তেওঁক ৪টা গুলী মাৰিছিলো৷ তাৰ লগে লগে বাইকত ৰৈ থকা মানুহজনৰ সৈতে তাৰ পৰা আহি নিশাই তাৰ পৰা বিজয়পুৰ ঘৰলৈ আহিছিলো৷ পৰশুৰামক কেইবাটাও সংবাদ প্ৰতিষ্ঠানে শ্ৰীৰাম সেনাৰ সৈতে জৰিত বুলি দাবী কৰে৷ কৰ্ণাটক-মহাৰাষ্ট্ৰ সীমান্তৰ বিজপুৰ জিলাৰ বাসিন্দা পৰশুৰাম বাঘমাৰে৷ গৌৰী লংকেশ আছিল ‘গৌৰী লংকেশ পত্ৰিকা’ নামৰ সংবাদপত্ৰৰ সাংবাদিক তথা প্ৰতিষ্ঠাপক৷