গুৱাহাটীঃ কামাখ্যা ধামৰ অম্বুবাচীলৈ অহা দেশী-বিদেশীৰ পৰ্যটক তথা ভক্ত সকলক উমানন্দলৈ আদৰিবলৈ অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ বিশেষ ফেৰী সেৱা। শনিবাৰৰপৰা আৰম্ভ হোৱা এই ফেৰী সেৱা অব্যাহত থাকিব অহা ২৬ জুনলৈকে। মহানগৰীৰ লাচিত ঘাটৰপৰা প্ৰতিদিনে পুৱা ৯ বজাৰপৰা আবেলি ৪ বজালৈকে জল পৰিবহন বিভাগৰ আৰটিএল বাঘবৰ আৰু নামবৰ নামৰ দুখন ফেৰী চলাচল কৰিব।

এই কথা জানিবলৈ দিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে। তেওঁলোকে জানিবলৈ দিয়া অনুসৰি এখন ফেৰীত ২০০ জন যাত্ৰী একেলগে যাব পৰা সুবিধা আছে। ইয়াৰ উপৰিও যাত্ৰীৰ সুৰক্ষাৰ বাবে দুয়োখন ফেৰীত আছে লাইফ জেকেটকে ধৰি সকলো প্ৰয়োজনীয় সামগ্ৰী।

ইফালে, শনিবাৰৰ প্ৰথম দিনটোত প্ৰায় ২০০০ হাজাৰ দর্শনাথী উমানন্দলৈ ফেৰী দুখনেৰে যাত্ৰা কৰা বুলিও জানিবলৈ দিয়ে ফেৰী দুখনৰ কৰ্মচাৰী সকলে। ইফালে শনিবাৰৰ নিশাৰপৰা অম্বুবাচীৰ মহা প্ৰবৃত্তি আৰম্ভ হয় সেই অনুসৰি দেওবাৰৰপৰা যাত্ৰীৰ সংখ্যা বৃদ্ধি পায়৷

আনহাতে তেওঁলোকে জানিবলৈ দিয়া অনুসৰি যাত্ৰীসকলে ফেৰী দুখনত ২০ টকাত অহা যোৱা কৰিব পাৰিব।