দলংঘাটঃ কাৰাটে প্ৰতিযোগিতাত সোনৰ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। মুম্বাইত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত দৰং জিলাৰ প্ৰতীক্ষা ডেকাই দুটাকৈ স্বৰ্ণ পদক বিজয়েৰে ৰাজ্য খনৰ লগতে দৰং জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷

অসম দলক প্ৰতিনিধিত্ব কৰা প্ৰতীক্ষা হৈছে দৰঙৰ হাজৰিকাপাৰা কুঁৱৰী গাঁৱৰ গজেন ডেকা আৰু মীৰা ৰাজবংশীৰ কন্যা ৷ উল্লেখ্য যে, প্ৰতীক্ষাই উৰিষ্যা আৰু পঞ্জাৱৰ প্ৰতিদ্বন্দ্বীক ধৰাসায়ী কৰি সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয়।

হাজৰিকা পাৰা অসম জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী প্ৰতীক্ষাৰ এনে সাফল্যত দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে।

ভৱিষ্যতে সাফল্য লাভ কৰি অসমক জিলিকাবলৈ ৰাজ্যবাসীৰ পৰা আৰ্শীবাদ কামনা কৰিছে দৰঙৰ হাজৰিকাপাৰা কুঁৱৰী গাওঁবাসীয়ে ৷