গোৰেশ্বৰঃ অতীজৰে পৰা মৃৎ শিল্পৰ সৈতে জড়িত উন্নয়নৰ মুখ নেদেখা এখন গাঁও। বাগছা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বেতনা মৌজাৰ নিজকচুলা গাঁৱৰ হীৰা চুবুৰিৰ প্ৰায় ত্ৰিশটা পৰিয়াল পূৰ্বপুৰুষৰ পৰম্পৰা মানি বৰ্তমানো মৃৎ শিল্পটোক জীয়াই ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে। এনে চেষ্টাৰ মাজতো বিভিন্ন অসুবিধাৰ বাবে এতিয়া এটাৰ পিছত আনটো পৰিয়ালে পূৰ্বপুৰুষৰ এই পৰম্পৰা এৰিবলৈ বাধ্য হৈ পৰিছে।

মূলতঃ মহিলাসকলেই অলপ-অচৰপকৈ আজিও জীয়াই ৰাখিছে এই শিল্পটোক। অৱশ্যে পৰিয়ালৰ অন্যান্য সদস্যই সম্পূৰ্ণ সহযোগ কৰে এই ক্ষেত্রত। যিকেইটা পৰিয়ালে এতিয়াও বেতনাৰ মৃৎ শিল্পটোক ধৰি ৰাখিছে তেওঁলোকেও জীৱন আৰু জীৱিকাৰ বাবে বহু কঠিন সংগ্রামৰ কৰিব লগা হৈছে।

জন্মসূত্ৰে লাভ কলা মৃৎ শিল্পৰ বৃত্তিটো এতিয়া তেওঁলোকৰ বাবে প্ৰত্যাহ্বানসদৃশ হৈ পৰিছে। পুঠিমাৰী নৈৰ পাৰত অৱস্থিত নিজকচুলাৰ পৰিয়ালকেইটাৰ মুখ্য বৃত্তি হৈছে মাটিৰ বিভিন্ন বাচন-বৰ্তন গঢ়া। বিশেষ ধৰণৰ হীৰা মাটিৰে এওঁলোকে বাচন গঢ়ে বাবে এওঁলোকক হীৰা সম্প্ৰদায়ৰ লোক বুলিও জনা যায়।

মহিলাসকলে দিনে-নিশাই শ্ৰম কৰি সাজি উলিয়ায় কলহ, কুমাৰৰ চৰু, ধূনাৰ পাত্ৰ, চাকি, ঘট, লুৰকী, বাটমালা, কুমাৰ টেকেলী আদি বিভিন্ন পাত্ৰ। কোনো ধৰণৰ চাক ব্যৱহাৰ নকৰাকৈ এইসমূহ মাটিৰ পাত্ৰ গঢ়াটো এই শিল্পটোৰ এক বৈশিষ্ট। এছটা কাঠেৰে বিশেষ ধৰণৰ শিলত পিটি পিটি গঢ়া হয় এই বাচনসমূহ।

হীৰাসকলৰ এই শিল্পটোৰ অসমৰ চহা সমাজ জীৱনত আছে এক বিশেষ মহত্ত্ব। বিয়া-সবাহকে ধৰি উৎসৱ-পাৰ্বণ আদিত এই মাটিৰ পাত্ৰসমূহৰ বিশেষ প্ৰয়োজন। পূজা-পাতল আদিতো খুবেই প্ৰয়োজন হয় এইবোৰৰ। কিন্তু সময়ৰ লগে লগে প্লাষ্টিক জাতীয় সামগ্ৰীয়ে বজাৰ দখল কৰাৰ লগে লগে মৃৎ শিল্পটোৰ ওপৰত কুপ্ৰভাৱ পৰিছে। এতিয়া বজাৰত এওঁলোকে মাটিৰ বাচন বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়াই কঠিন হৈ পৰিছে।

নিজা উদ্যোগ থকাৰ পিছতো বহু পৰিয়ালে উপায়বিহীন হৈ এৰিব লগা হৈছে পূৰ্বপুৰুষৰ পৰা পোৱা বৃত্তিটো। যি বিশেষ মাটিৰে হীৰাসকলে বাচন গঢ়ে সেই মাটিও আমিনগাঁও, হাজো, উত্তৰ গুৱাহাটী আদিৰ পৰা বহু খৰচ ভৰি কিনি আনিব লগা হয়। আনহাতে মাটিৰ বাচনৰ চাহিদা দিনক দিনে কমি যোৱা বাবে এতিয়া বৰ কষ্টৰে পৰিয়াল তথা ল'ৰা-ছোৱালীৰ পঢ়া-শুনাৰ খৰচ উলিয়াব লগা হৈছে পৰিয়ালসমূহে।

ইফালে নিজকচুলা গাঁওখনৰ ভৌগোলিক যি অৱস্থিতি সেয়া বৰ কষ্টদায়ক গাঁওবাসীৰ বাবে। প্ৰতি বছৰে পুঠিমাৰী-শুক্লাই আদি নদীৰ গৰাখহনীয়া-বানত জুৰুলা হোৱাৰ পিছত আকৌ খৰালি বনৰীয়া হাতীৰ তাণ্ডৱ। খেতিখোলা কৰিও খাব নোৱাৰা এক পৰিবেশ। এতিয়ালৈকে গৰাখহনীয়াত বহু মাটি নদীৰ বুকুত হেৰুওৱাৰ পিছতো কষ্টৰে হীৰা চুবুৰিৰ লোকসকলে জীয়াই ৰাখিছে মৃৎ শিল্পক।

অঞ্চলটোৰ জনপ্ৰতিনিধি শুক্লাই চেৰফাং সমষ্টিৰ ই এম গণেশ কছাৰী আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে এইসকল মৃৎ শিল্পীক গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। শিল্পটোক জীয়াই ৰখাৰ বাবে চৰকাৰীভাৱে সহায়-সহযোগিতাৰ প্ৰয়োজন যদিও আজিকোপতি স্থানীয় জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ সহযোগিতা আগবঢ়োৱা নাই বুলি মৃৎশিল্পীসকলে ক্ষোভ প্ৰকাশ কৰিছে।

মহিলাৰ স্বাৱলম্বিতা, নাৰী অধিকাৰ, নাৰী মুক্তি আদিৰ কথা কোৱা অজিৰ সমাজে অকণমান চিন্তা কৰিবনে শিল্পটোক জীয়াই ৰাখিবলৈ? চৰকাৰ তথা ৰাইজৰ সহোযোগিতাই পুনৰ বেতনাৰ মৃৎ শিল্পক জীপাল কৰি তুলিব পাৰে বুলি আজিও আশাবাদী নিজকচুলাবাসী।