গোৰেশ্বৰঃ অতীজৰে পৰা মৃৎ শিল্পৰ সৈতে জড়িত উন্নয়নৰ মুখ নেদেখা এখন গাঁও। বাগছা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বেতনা মৌজাৰ নিজকচুলা গাঁৱৰ হীৰা চুবুৰিৰ প্ৰায় ত্ৰিশটা পৰিয়াল পূৰ্বপুৰুষৰ পৰম্পৰা মানি বৰ্তমানো মৃৎ শিল্পটোক জীয়াই ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে। এনে চেষ্টাৰ মাজতো বিভিন্ন অসুবিধাৰ বাবে এতিয়া এটাৰ পিছত আনটো পৰিয়ালে পূৰ্বপুৰুষৰ এই পৰম্পৰা এৰিবলৈ বাধ্য হৈ পৰিছে।
মূলতঃ মহিলাসকলেই অলপ-অচৰপকৈ আজিও জীয়াই ৰাখিছে এই শিল্পটোক। অৱশ্যে পৰিয়ালৰ অন্যান্য সদস্যই সম্পূৰ্ণ সহযোগ কৰে এই ক্ষেত্রত। যিকেইটা পৰিয়ালে এতিয়াও বেতনাৰ মৃৎ শিল্পটোক ধৰি ৰাখিছে তেওঁলোকেও জীৱন আৰু জীৱিকাৰ বাবে বহু কঠিন সংগ্রামৰ কৰিব লগা হৈছে।