গোৰেশ্বৰঃ পৃথিৱীৰ ৰং চোৱাৰ হেপাঁহ কাৰনো নাথাকে? চকুযুৰি নহ'লে যেন একোৱেই নাই৷ যদি সন্তানৰ চকুযুৰি ক্ৰমাৎ বিকল হ’ব ধৰে তেতিয়া পৰিয়ালটোৱে অন্ধকাৰত ডুব যোৱাৰ উপক্ৰম হয়। বাক্সা জিলাৰ গোৰেশ্বৰ চহৰৰ ৩ নং গোৰেশ্বৰৰ ৰেল কল’নিৰ বাসিন্দা জগদীশ দাস পেচাত এগৰাকী "চানা বেপাৰী"।
গোৰেশ্বৰৰ গাওঁবুঢ়া নামৰ চ'কটোতে তেওঁ ঠেলা গাড়ীত চানা-মটৰ বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে। দৈনিক ন্যূনতম উপাৰ্জনৰে এনেয়ে পৰিয়াল চলোৱা কঠিন, তাতে আকৌ একমাত্র পুত্ৰ সন্তানৰ দৃষ্টি শক্তি দিনক দিনে লোপ পোৱাত এতিয়া পিতৃ জগদীশৰ পৰিয়ালটোৰ সমুখত অন্ধকাৰে বিৰাজ কৰিছে।
গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ মেধাৱী ছাত্ৰ মানিক দাসে চকুৰ ৰোগত আক্ৰান্ত হৈ দৃষ্টিশক্তি সম্পূৰ্ণভাৱে হেৰুৱাৰ উপক্ৰম হৈছে। পঢা-শুনা, খেলা-ধূলাৰ ক্ষেত্ৰতো বাধা আহি পৰিছে ছাত্ৰজনৰ। পিতৃ জগদীশ দাস আৰু মাতৃ কল্পনা দাসৰ এটাই মাথো চিন্তা যে সন্তানৰ দৃষ্টিশক্তি কেনেকৈ ওভতাই আনিব পাৰি।
তাৰ বাবে নিজে লঘোণে থাকিও চানা বিক্ৰী কৰি পোৱা টকাৰে দামী-দামী ঔষধ কিনি সন্তানক চিকিৎসা কৰি গৈছে। ইমানৰ পিছতো কোনো ফল পোৱা নাই মাণিকে। দিনে দিনে দৃষ্টিশক্তি কমিহে গৈছে। এতিয়া পৰ্যায় এনে পাইছে যে কিতাপ খন চকুৰ একেবাৰে ওচৰলৈ আনিলেও বহু কষ্টৰেহে আখৰকেইটা পঢ়িব পাৰে। দাৰিদ্ৰতাৰ বাবে এতিয়া চকুৰ সমুখতে সন্তানৰ দৃষ্টিহীনতাক আকোৱালি ল'বলগীয়া হোৱাত সমগ্ৰ পৰিয়ালটোৱে অন্ধকাৰ দেখিছে।
পিতৃৰ ভাষ্য মতে প্ৰকৃততে প্ৰায় ৬ মাহ বয়সতে মাণিক বসন্ত ৰোগত আক্ৰান্ত হৈছিল। তেতিয়া নলবাৰীৰ কোনো চিকিৎসকৰ ওচৰলৈ নিয়াত উচ্চ ক্ষমতাসম্পন্ন বেজী দিয়াত মাণিকৰ দুয়োটা চকুত ছানি পৰে। তেতিয়াৰে পৰা ৰোগৰ আৰম্ভণি। আলিপুৰদুৱাৰ, শিলিগুৰি, কোচবিহাৰ, নেপাল কিমান যে ঠাইলৈ চিকিৎসাৰ বাবে নিয়া নাই।
দুবাৰকৈ অস্ত্ৰোপচাৰো কৰা হ'ল মাণিকৰ চকুৰ। তাৰ পিছতো কোনো সুফল পোৱা নাই। বৰ্তমান শংকৰদেৱ নেত্ৰালয়ত চিকিৎসা চলি আছে যদিও চিকিৎসকৰ মতে মাণিকৰ দৃষ্টিশক্তি সহজে ঘূৰি নাহে। বৰং কমিহে যাব।
ইয়াৰ বাবে বহু লাখটকীয়া উন্নত চিকিৎসাৰ প্ৰয়োজন। বৰ্তমানেও দৈনিক মাহে প্ৰায় তিনিহাজৰ টকাৰ চিকিৎসা খৰচ বহন কৰি এক প্ৰকাৰ সৰ্বস্বান্ত হৈ পৰিছে জগদীশ। ইপিনে আকৌ মাতৃৰ ইচ্ছা সন্তানৰ দৃষ্টিশক্তি পুনৰ ঘূৰাই অনা।
মেধাৱী মাণিকে এতিয়া ইচ্ছা কৰিলেও সন্ধিয়াৰ পিছত আখৰেই চিনি পোৱাটো মাণিকৰ পক্ষে সম্ভৱ হৈ নাথাকে। দিনৰ ভাগত কষ্টৰে ডাঙৰ আখৰ হে পঢ়িব পাৰে। দুবছৰ পিছত মেট্ৰিক পৰীক্ষাত কেনেকৈ বহিব তাকে লৈ দুশ্চিন্তাত ভুগিছে মাণিকৰ লগতে পিতৃ-মাতৃ।
বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী চিন্তাত পৰিছে। দুবেলা দুসাঁজ যোগাৰ কৰিবলৈ বহু কষ্ট কৰিবলগীয়া পৰিয়ালটোৱে এতিয়া মাণিকৰ উন্নত চিকিৎসাৰ বাবে সুহৃদৰ লগতে চৰকাৰৰ সহযোগ কামনা কৰিছে। আগ্ৰহীসকলে ৮৮৭৬১-৭০১৮৫ নম্বৰত যোগাযোগ কৰি সহায় কৰিব পাৰে৷