আজাৰাঃ মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলত বুধবাৰে বন বিভাগৰ উদ্যোগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 'মুখ্যমন্ত্ৰীৰ সেউজ উদ্যান'ৰ আধাৰশিলা স্থাপন কৰে।

পূৱ কামৰূপ বন সংমণ্ডৰ অন্তৰ্গত ৰাণী বনাঞ্চলিক কাৰ্যলয়ৰ অধীনত থকা দীপৰ বিলৰ পাৰ্শ্বৱৰ্তী মিকিৰপাৰা সংৰক্ষিত বনাঞ্চলত প্ৰদূষণ মুক্ত অসম গঢ়াৰ উদেশ্যেই মুকলি কৰে এই উদ্যানখন।

সেউজ উদ্যানৰ আধাৰশিলা অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম, পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা, অসম চৰকাৰৰ মুখ্য সচিব ভি কে পিপাৰছেনিয়া উপস্থিত থাকে। অনুষ্ঠানটোত বন বিভাগৰ উচ্চ পদস্থ বন বিষয়াসকলেও অংশগ্ৰহণ কৰে।  

দীপৰ বিলক পৰ্যটনৰ ক্ষেত্ৰত আৰু অধিক আকৰ্ষিত কৰি তুলিবলৈ এই উদ্যানখনে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰাৰ লগতে মুখ্যমন্ত্ৰী সোণোৱালে প্ৰদূষণ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে সকলোকে গছ ৰোপন কৰিবলৈ আহ্বান জনায়। এই আধাৰশিলা অনুষ্ঠানতেই বন বিভাগত নতুন কৈ নিযুক্তি লাভ কৰা ৪৪ গৰাকী বন বিষয়াক মুখ্য মন্ত্ৰীয়ে নিযুক্তি পত্ৰ বিতৰন কৰে।

ইফালে, দীপৰ বিলত নৌকা বিহাৰ কৰি নষ্টালজিক হৈ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে দীপৰ বিল সংৰক্ষণ কৰাৰ ক্ষেত্ৰত যিকোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ প্ৰস্তুত বুলি মন্তব্য কৰে।