newsnextone.com | ডিজিটেল ডেস্কঃ গুজৰাটৰ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীয়ে পুনৰ এবাৰ লাভ কৰিছে হত্যাৰ ভাবুকি৷ জিগনেশ মেৱানীয়ে এই বিষয়ে এটা টুইট কৰে৷ তেওঁ টুইটত কয় যে পূৰ্বে তেওঁক হত্যাৰ ভাবুকি দিয়া নম্বৰটোৰ পৰাই পুনৰ এবাৰ মৃত্যুৰ ভাবুকি প্ৰদান কৰা হয়৷
বুধবাৰে দুপৰীয়াৰ ভাগতো মেৱানীৰ ঘনিষ্ঠ কৌশিক পৰমাৰ নামৰ এগৰাকী বন্ধুক কোনো অচিনাক্ত লোকে ফোন কৰি জিগনেশক হত্যা কৰাৰ ভাবুকি দিছিল৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতে বনাচকান্ঠা জিলাৰ বডগামা আৰক্ষী থানাত এক অভিযোগ দাখিল কৰা হয়৷
আনহাতে বৃহস্পতিবাৰে পুনৰ একেটা নম্বৰৰ পৰাই জিগনেশৰ মোবাইল নম্বৰলৈ ফোন আহে আৰু অচিনাক্ত লোক এজনে ফোনৰ সিটো মূৰৰ পৰা বিধায়কগৰাকীক হত্যা কৰিব বুলি ভাবুকি প্ৰদান কৰে৷ অচিনাক্ত লোকজনে ফোন কৰি কয়, ‘ধেমালি বুলি ভাৱি আছ নেকি? অপেক্ষা কৰ তোক গুলিয়াই মাৰিম৷’
জানিব পৰা মত, গুজৰাটৰ বডগামৰ বিধায়ক জিগনেশ মেৱানীক ড়োৱা দুটা দিনৰ পৰা কোনো অচিনাক্ত লোকে ফোনত হত্যাৰ ভাবুকি দি আহিছে৷ যাৰ ফলত বিধায়কগৰাকী আৰু তেওঁৰ পৰিয়ালবৰ্গ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে৷
আনহাতে জিগনেশ মেৱানীৰ এগৰাকী বন্ধুকো ফোন যোগে হত্যাৰ ভাবুকি দিয়া এজন ব্যক্তিক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে৷ ৰাজবীৰ মিশ্ৰা নামৰ অভিযুক্তগৰাকীয়ে মেৱানীৰ বন্ধুগৰাকীক হত্যাৰ ভাবুকি প্ৰদান কৰি আহিছিল৷ আৰক্ষীয়ে অভিযুক্তজনৰ বিৰুদ্ধে ৫০৭ ধাৰৰ ভিত্তিত এক গোটৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷