ডিজিটেল ডেস্কঃ বহু জল্পনা কল্পনাৰ অন্তত দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী ৰূপে মঙলবাৰে শপত ললে বিজয় ৰূপানীয়ে৷ বিজয় ৰূপানীৰ সৈতে মন্ত্ৰীসভাৰ ২০গৰাকী বিধায়কে  শপত গ্ৰহণ লয়৷ গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত ব্যায়বহুল শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ সভাপতি অমিত শ্বাহ উপস্থিত থাকে৷

বিজেপি শাসনাধীষ্ট ১৮খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু সহযোগী মিত্ৰ দল জেডিইউৰ প্ৰধান তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ উপস্থিত থাকে৷ ইফালে উপ-মুখ্যমন্ত্ৰী হিচাবে দ্বিতীয়বাৰৰ বাবে শপত লয় নীতিন পেটেলে৷ এইবাৰৰ মন্ত্ৰীসভাত মুখ্যমন্ত্ৰী ৰূপানীয়ে ৯জন নতুন মুখ অন্তৰ্ভুক্ত কৰাৰ উপৰিও বিগত মন্ত্ৰীসভাৰ ১১ জন সদস্যক স্থান দিয়ে কেবিনেটত৷

ৰাজনৈতিক মহলৰ মতে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ কথা চিন্তা কৰি বৰ্তমানৰ মন্ত্ৰীসভা গঠন কৰা হৈছে৷ বিজয় ৰূপানীয়ে ৰাজকোটৰ পশ্চিম সমষ্টিৰ পৰা ৫০ হাজাৰ ভোট লাভ কৰি বিজয়ী হৈছিল৷ নিৰ্বাচন পাৰ হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ৰূপে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীৰ নামো চৰ্চালৈ আহিছিল৷

যদিও সকলো জল্পনা কল্পনাৰ অন্ত পেলাই বিজেপি দলে দ্বিতীয় বাৰৰ বাবে বিজয় ৰূপানীক মুখ্যমন্ত্ৰী হিচাপে নাম ঘোষণা কৰাত মঙলবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত লয়৷ বিজেপিয়ে ৯৯খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰে গুজৰাটত৷ কংগ্ৰেছ দলে ৭৭খন আসন লাভ কৰাৰ লগতে অন্যান্যই ৪ খন আসন লাভ কৰে৷ নিৰ্দলীয়া প্ৰাৰ্থী ৰতন ৰাথৌৰে বিজেপিক সমৰ্থন কৰে৷