হাইলাকান্দিঃ হাইলাকান্দিত শুকুৰবাৰে সংঘটিত হৈ যোৱা অনাকাংক্ষিত ঘটনাৰ পিছত তৎপৰ হৈ পৰিছে অসম প্ৰশাসন৷ এই ঘটনাৰ আলম লৈ যাতে ৰাজ্যখনৰ অন্য কোনো ঠাইত কোনো অপ্ৰীতিকৰ বা সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে দৰং জিলা আৰক্ষীৰ নিৰ্দেশত খাৰুপেটীয়া আৰক্ষী বিষয়া বিৰাজ মোহন ডেকা উদ্যোগত আৰু থানা পৰিচালনা সমিতিৰ সহযোগত বৃহত্তৰ খাৰুপেটীয়া অঞ্চলৰ গাওঁৰক্ষী বাহিনীৰ সভাপতি সম্পাদক, মহিলা সমিতিৰ বিষয় ববীয়া, বিশিষ্ট ব্যৱসায়ী, আমছু, ইত্তেহাদ ফ্ৰন্ট, কৃষক মুক্তি, মুছা, সংখ্যালঘু জাতীয় পৰিষদ, আদি সংগঠনৰ সভাপতি সম্পাদক, জ্যেষ্ঠ নাগৰিক, সাংবাদিক আদি শতাধিক লোকৰ উপস্থিতিত এখনি শান্তি সভা অনুষ্ঠিত হয়৷
খাৰুপেটীয়া আৰক্ষী থানাৰ পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল আলীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত খাৰুপেটীয়া পৌৰসভাৰ প্ৰাক্তন সভাপতি অখিল চন্দ্ৰ সাহাক সভাপতি, বিক্ৰমাদিত্য জৈন আৰু সাংবাদিক ইমদাদুল ইছলামদ্বয়ক উপ সভাপতি খাৰুপেটীয়া থানাৰ আৰক্ষী বিষয়া বিৰাজ মোহন ডেকাক সম্পাদক আৰু খাৰুপেটীয়া আৰক্ষী থানা পৰিচালনা সমিতিৰ সম্পাদক ৰফিকুল ইছলামক সহ সম্পাদক হিচাপে লৈ এখনি শান্তি সমিতি গঠন কৰা হয়৷
ইয়াৰ পূৰ্বে সভাখনত দৰং জিলাৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই অঞ্চলটোত হাইলাকান্দিৰ ঘটনাৰ প্ৰভাৱ যাতে খাৰুপেটীয়া অঞ্চলত নপৰে তাৰ প্ৰতি উপস্থিত সকলোকে বিশেষকৈ গাঁওৰক্ষী বাহিনীৰ সমিতিক সজাগ আৰু অধিক সক্ৰিয় হ’বলৈ আহ্বান জনায়৷ উল্লেখ্য যে, শান্তিৰ সম্প্ৰীতিৰ ঠাই খাৰুপেটীয়া অঞ্চলতো বহু দুষ্কৃতিকাৰী আছে যিসকলে গুৱাহাটী, মংগলদৈ বা অন্যান্য ঠাইত কূটাঘাতমূলক কাম কৰি আহিছে বুলিও মন্তব্য কৰে৷
আৰক্ষী অধীক্ষকৰ লগত সভাত উপস্থিত থাকে দৰং জিলাৰ উপ আৰক্ষী অধীক্ষক অনিতা হাজৰিকা, সভাখনত খাৰুপেটীয়া পৌৰ সভাৰ সভানেত্ৰী কৃষ্ণা সাহা, অখিল চন্দ্ৰ সাহা, বিক্ৰমাদিত্য জৈন, নগাজান গাঁওৰক্ষী বাহিনীৰ সম্পাদক আব্দুল হান্নান, মহিলা গোটৰ পৰা মৰিয়ম বেগম, খাৰুপেটীয়া আঞ্চলিক আমছুৰ সভাপতি জিয়াউল হক প্ৰমুখ্যে কেবাজনো বিশিষ্ট লোকে খাৰুপেটীয়াত কোনো ক্ষেত্ৰতে যাতে দুষ্ট চক্রই কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি সজাগ হৈ থাকিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হয়৷