লংকাঃ বাইক চলাই উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰা এজন যুৱক এতিয়া সাজু হৈছে বন্দুক হাতত তুলি ল’বলৈ। বাইক এৰি এতিয়া হাতত বন্দুক তুলি ল’বলৈ ওলোৱা এই যুৱকজন হৈছে লংকাৰ পাঞ্জাৱী বস্তিৰ বৰিয়াম সিং আৰু সুৰজিৎ কৌৰৰ ২৫ বছৰীয়া পুত্ৰ হৰবিন্দৰ সিং।
হৰবিন্দৰ অসমৰ জনপ্ৰিয় বাইক ৰাইডিং গোট 'অসম বাইকাৰ্ছ’ আৰু 'মটৰ হেড ইউনাইটেড নগাঁও'ৰ এজন সক্ৰিয় সদস্য। হৰবিন্দৰে বাইক চলাই ভ্ৰমণ কৰি ভাল পায়। তেওঁ নিজৰ '110 CC twister' আৰু সদ্য ক্ৰয় কৰা 'Royal enfield bullet' লৈ অসমৰ প্ৰায় সকলো জিলা তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়কেইখন ৰাজ্য ভ্ৰমণ কৰিছে।
সৰুৰে পৰা সেনাবাহিনীত যোগ দিয়াৰ মন আছিল হৰবিন্দৰৰ। দেশ মাতৃৰ প্ৰতি থকা শ্ৰদ্ধা আৰু দায়িত্ব হৰবিন্দৰে সৰুৰে পৰা অনুধাৱন কৰিছিল। ফলত সেনা-বাহিনীত যোগদান কৰাৰ দুৰ্বাৰ হেপাহ জাগি উঠিছিল হৰবিন্দৰ সিঙৰ মনত। মেট্ৰিক পাছ কৰাৰ পাছৰে পৰা ১৫ বাৰকৈ সেনা বাহিনীৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হৈ আহিছে যদিও সফল হ’ব পৰা নাছিল।
কিন্তু সেই বুলি আশা হেৰুৱা নাছিল যুৱকজনে। ঘৰত অনুশীলন অধিক তীব্ৰতৰ কৰি তুলিলে হৰিয়ে। পিতৃ-মাতৃ আৰু বন্ধু বৰ্গৰ পৰা পোৱা উৎসাহে হৰবিন্দৰক যোগাই আহিছিল মানসিক শক্তি। এনেকৈ প্ৰত্যেক বাৰেই দুগুণ উৎসাহেৰে হৰিয়ে পৰীক্ষাসমূহত অৱতীৰ্ণ হৈছিল।
অৱশেষত অপেক্ষাৰ অন্ত পৰিল, হৰিৰ সপোন পূৰণ হ'ল। অপ্ৰত্যাশিতভাৱে কালি অহা এক খবৰে হৰবিন্দৰৰ লগতে তেওঁৰ পৰিয়াল তথা অঞ্চলবাসীক আনন্দত আত্মহাৰা কৰি তোলে। কিয়নো, কেইমাহমান পূৰ্বে অনুষ্ঠিত হোৱা সীমা সুৰক্ষা বাহিনী(BSF)ৰ সাক্ষাৎকাৰত হৰবিন্দৰ সিং উত্তীৰ্ণ হৈছে।
সীমা সুৰক্ষা বাহিনীৰ এ এছ আই পদত চাকৰি লাভ কৰিবলৈ সমৰ্থ হৈছে হৰবিন্দৰে। এই খবৰ বিয়পি পৰাৰ লগে হৰবিন্দৰৰ পৰিয়াল, আত্মীয়, বন্ধু-বৰ্গ, অঞ্চলবাসী সকলোৱে তেওঁক এই সাফল্যৰ বাবে শুভেচ্ছাৰে উপচাই পেলাইছে।
ছচিয়েল মিডিয়াতো অভিনন্দন জনাই হৰবিন্দৰক অঞ্চলৰ গৌৰৱ বুলিও বহুজনে ষ্টেটাচ পোষ্ট কৰা দেখা গৈছে। কালিলৈকে বাইকৰ স্কেলেট'ৰ ঘূৰাই ঘূৰাই অ'ত ত'ত ঘূৰি ফুৰা হৰবিন্দৰে এতিয়া বন্দুক হাতত তুলি লৈ দুৰ্গম অৰণ্য নতুবা নিৰ্জন বৰফৰ পাহাৰত দেশমাতৃৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হ’বলৈ ওলোৱাত হৰবিন্দৰক বিদায় দিবলগীয়া হোৱাত সকলোৰে চকু সেমেকি উঠিছে যদিও হৰবিন্দৰকলৈ আটাইয়ে গৌৰৱ অনুভৱ কৰিছে।
নিউজ নেক্সট ৱানৰসৈতে হোৱা এক সাক্ষাৎকাৰত যুৱকজনে দেশমাতৃৰ প্ৰতি থকা নিজৰ শ্ৰদ্ধা আৰু দায়িত্বৰ কথা প্ৰকাশ কৰে। এতিয়া অহা ১৬ জুলাইত নতুন দিল্লীস্থিত সীমা সুৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয়ত ৰিপ'ৰ্ট কৰিবলৈ যাব বুলি জানিবলৈ দিছে হৰবিন্দৰে।