নাৰায়ণপুৰঃ নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত জামুগুৰি, বনপূৰৈ অঞ্চলত লুইতৰ প্ৰবল খহনীয়াই নৈপৰীয়া সকলক সংকটত পেলাইছে। একেধাৰে কেইবাদিনো হোৱা বৰষুণৰ ফলত বৰ লুইত উফন্দি উঠাৰ লগে লগে আৰম্ভ হৈছে খহনীয়াৰ তাণ্ডৱ।
অঞ্চলটোৰ নৈপৰীয়া লোকসকলৰ টোপনি হৰিছে খহনীয়াৰ তাণ্ডৱে। ফলত নিজৰ ভূ-সম্পত্তি ৰক্ষাৰ হেতু হাতত দা-কুঠাৰ, কৰত, তাঁৰ, জি আই তাঁৰ আদি লৈ উলাই আহিছে বাঁহৰ ভেটা দি, গছ কাটি পেলাই খহনীয়া ৰুধিবলৈ। বিভিন্ন সময়ত নিদ্ৰামগ্ন জল সম্পদ বিভাগ কিন্তু এইবাৰ শুই থকা নাই ৰাইজৰ লগতে সমানে হাত উজান দিছে খহনীয়া প্ৰতিৰোধৰ কামত।
মুষলধাৰে হোৱা বৰষুণ আৰু উফন্দি উঠা লুইতৰ ঢৌৱে যোৱা তিনিদিনত নদীৰ দিশৰ পৰা প্ৰায় ১০ মিটাৰ ভূমি লুইতৰ বুকুত জাঁহ নিয়াইছে। লুইতৰ এই কালৰূপী খহনীয়াৰ বিষয়ে স্থানীয় ৰাইজে লখিমপুৰ জিলা জল সম্পদ বিভাগ, লখিমপুৰ জিলা উপায়ুক্ত আৰু বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেৱানন্দ হাজৰিকাক অৱগত কৰিছে।
জল সম্পদ বিভাগে নৈপৰীয়া এই জামুগুৰি অঞ্চলটোক খহনীয়া অধ্যুষিত স্পৰ্শকাতৰ অঞ্চল হিচাপে চিহ্নিত কৰি ১,১৭৬ কোটি ব্যয় সাপেক্ষ এখন মেগা স্থায়ী প্ৰতিৰোধী আঁচনি, ১০৭ কোটি টকা ব্যয় সাপেক্ষ এক জিঅ' বেগ আঁচনি, ২ কোটি টকা ব্যয় সাপেক্ষ এখন কংক্ৰিট ক্লিপৰ আঁচনি, ১ কোটি টকা ব্যয় সাপেক্ষ আন এক তৎকালীন প্ৰতিৰোধী আঁচনিৰ খচৰা প্ৰস্তুত কৰি ইতিমধ্যে চৰকাৰক দাখিল কৰিছে যদিও চৰকাৰে ইয়াৰ এখনো আঁচনি অনুমোদন কৰা নাই বুলি জল সম্পদ বিভাগৰ উপ-সংমণ্ডল বিষয়া কমলা দত্তই জনাইছে।
উল্লেখ্য যে ২০১৩ চনৰ পৰা অঞ্চলটোত বাৰিষাৰ কালছোৱাত সূত্ৰপাত ঘটা ভয়াৱহ খহনীয়াত ঐতিহাসিক জামুগুৰি পাৰঘাটটো জাহ যোৱাৰ লগতে পাৰঘাটৰ সংলগ্ন ভূমি সংৰক্ষণ বনানী, বনপূৰৈ, আটুৱা চাপৰি অঞ্চলৰ প্ৰায় ৭০ শতাংশ ভূমি লুইতৰ বুকুত বিলীন হৈ গ'ল। আনফালে বোকাদুৱাৰ, বৰআতি, চেলেক, দুঘৰীয়া গাওঁ কেইখন ইতিমধ্যে নিশ্চিহ্ন হোৱাৰ লগতে ডাকচাপৰি, সাধু চাপৰি, ঘুটো চাপৰি, পিছলা, আলিগুৰি, বঠাখনা, মাজঘাট, দহঘৰীয়া আদি অঞ্চল অতি শীঘ্ৰে নিশ্চিহ্ন হোৱাৰো উপক্ৰম ঘটিছে।
বৰ্তমান ৰাইজে খহনীয়া প্ৰতিৰোধৰ কাম অব্যাহত ৰাখিছে আৰু কালি ৰাইজৰ লগতে জল সম্পদ বিভাগৰ বিহপুৰীয়া উপসংমণ্ডলৰ সংমণ্ডল বিষয়া (SDO) কমলা দত্ত, কণিষ্ঠ অভিযন্তা হংসধৰ দাসকে ধৰি কেইবা জানো বিষয়া কৰ্মীক ৰাইজৰ লগত সহযোগ কৰা দেখা যায়। অনাগত সময়ত চৰকাৰে যদি খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত খৰতকীয়া পদক্ষেপ হাতত নলয় শীঘ্ৰে লুইতৰ কালৰূপী খহনীয়াত সমগ্ৰ জামুগুৰি অঞ্চলটো জাহ যোৱাটো নিশ্চিত বুলি আশংকা কৰিছে অঞ্চলবাসীয়ে।