ৰঙিয়াঃ দিল্লী উচ্চ ন্যায়ালয়ে পিতৃমাতৃৰ সা-সম্পত্তিৰ ওপৰত সন্তানৰ কোনো ধৰণৰ আইনগত অধিকাৰ নাথাকিব বুলি ৰায়দান কৰাৰ পিছতো একাংশ সম্পত্তিলোভী সন্তানে একমাত্ৰ সম্পত্তিৰ লোভতে নিজ পিতৃ-মাতৃক নিৰ্যাতনেৰে গৃহহীন কৰি সম্পত্তি হস্তগত কৰাৰ যি অমানৱীয় কাৰ্যকলাপ চলি আছে সেয়াই সমাজৰ এক অৱক্ষয়ৰ ৰূপ দাঙি ধৰিছে।
একমাত্ৰ গৃহ সম্পত্তিৰ লোভতে চাৰি পুত্ৰই নিজৰ জন্মদাত্ৰী মাতৃক চৰ, ভুকু, ককৰ্থনাৰে এলাগী কৰিব পাৰেনে? তেনে এক ঘটনাই সংঘটিত হৈছে কামৰূপৰ ৰঙিয়াত আৰু চাৰি পুত্ৰৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি আৰক্ষীৰ কাষ চাপিছে অসহায় বিধৱা মাতৃগৰাকীয়ে। ন্যায় বিচাৰি আৰক্ষীৰ কাষ চপা দূৰ্ভগীয়া মাতৃগৰাকীয়ে সম্প্ৰতি কন্যাৰ গৃহত আশ্ৰয় লৈ আছে।
অমূল্যা কলিতা নামৰ দূৰ্ভগীয়া মাতৃগৰাকীৰো আছিল পুত্ৰ-কন্যাৰে এখন ভৰপুৰ সংসাৰ। কিন্তু নিয়তিয়ে অকালতে অমুল্যা কলিতাৰ স্বামীক লৈ যোৱাত অমুল্যা কলিতা সন্মুখীন হয় নিষ্ঠুৰ বাস্তৱৰ। পুত্ৰসকলক আকোঁৱালি লৈয়ে জীৱনৰ বাকী দিনকেইটা অতিবাহিত কৰিম বুলি ভৱা অমূল্যা কলিতাক অৱশেষত নিজৰেই চাৰি পুত্ৰই এলাগী কৰে।
কেৱল ইয়াতে ক্ষান্ত নাথাকি চাৰি পুত্ৰই নিৰ্যাতন চলাই মাতৃক ঘৰ এৰিবলৈ বাধ্য কৰায়। সপোনৰ ঘৰখনৰ পৰা ওলাই আহি দূৰ্ভগীয়া মাতৃগৰাকীয়ে এতিয়া আশ্ৰয় লৈছে ৰঙিয়াৰ গড়ভিতৰ বালাগাঁওৰ এটা জুপুৰিত য'ত এতিয়া তেওঁৰ একমাত্র সাৰথি নিজৰ কনিষ্ঠা কন্যা।
শিলৰ কুঁৱৰীত কঠোৰ পৰিশ্ৰম কৰি বৃদ্ধা মাতৃক চোৱাচিতা কৰিছে জীয়ৰীয়ে। কোনোমতে দুবেলা দুসাঁজ ভাত মোকোলাইছে মাতৃ-কন্যাই। বয়সে ভাটি দিয়া তথা চকুৰে মণিব নোৱাৰা অমূল্যা কলিতাক যি সময়ত চাৰিটিকৈ পুত্ৰ সন্তানে নিৰ্যাতন কৰি ঘৰ এৰিবলৈ বাধ্য কৰালে সেই সময়তে কিন্তু নিজ মাতৃক দিন হাজিৰা কৰি হ'লেও পোহ-পাল দিছে কন্যাই।
এনে এক পৰিস্থিতিত মাতৃগৰাকীয়ে নিৰ্দয়ী চাৰি পুত্ৰৰ বিৰুদ্ধে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হৈ পৰিছে। দহ মাহ দহ দিন গৰ্ভত ধাৰণ কৰি কিমান আঘাত পালে এগৰাকী মাতৃয়ে নিজ পুত্ৰৰ বিৰুদ্ধে আইনৰ কাষ চাপিব পাৰে সেয়া সঁচাকৈয়ে চিন্তনীয় যদিও আজিৰ ক্ষণভংগুৰ সমাজ ব্যৱস্থাত যেন সেয়াই হৈ পৰিছে বাস্তৱ।