থোৰতে পঢ়ক হিমা দাসৰ সফলতাৰ সৱিশেষ...

Printer-friendly versionSend by email

গুৱাহাটীঃ নগাঁও জিলাৰ অতি পিছ পৰা ধিঙৰ কান্ধুলীমাৰী গাঁৱৰ ৰঞ্জিত দাস আৰু জোনালী দাসৰ কন্যা হিমা দাসৰ সফলতাত আনন্দিত হৈ পৰিছে ৰাজ্যবাসী৷ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমা। সৰ্বদিশতে পিছ পৰা কান্ধুলীমাৰী গাঁৱত খেলৰ পৰিৱেশ নথকাৰ পাছতো হিমাই নিজ সংগ্ৰামৰ জৰিয়তে উজলি উঠি দেশ আৰু অসমীয়া জাতিক গৌৰাৱান্বিত কৰিছে৷ 

কমনৱেলথ গেমছ কি জনা নাছিল তেওঁ৷ তেও জানিছিল কেৱল দৌৰিব৷ যাৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে হিমাই৷ সেয়াও কমনৱেলথ গেমছত৷ আজি ফাইনেল দৌৰ দিব তেওঁ৷ ৫ বাজি ১৫ মিনিট যোৱাৰ লগে লগে হিমাই স্বৰ্ণ জয়ৰ বাবে দৌৰিব৷ সমগ্ৰ অসমৰ জনসাধৰণৰ বাবে এতিয়া অপেক্ষা মাথো মঙলবাৰৰ ৫ বাজি ১৫ মিনিটলৈ৷

দেশ ৰাজ্য বাসীৰ মৰম, চেনেহ, আশীৰ্বাদ লৈ যুজত নামিব হিমা৷ প্ৰতিপক্ষক হৰুৱাই স্বৰ্ণ দখল কৰি যাদু দেখুৱাব৷ স্বৰ্ণ দখল কৰাৰ বাবে সাজু হৈছে হিমা আৰু সাজু হৈছে সমগ্ৰ দেশ।

►থোৰতে হিমাৰ সফলতাঃ

#যোগ্যতা অৰ্জনঃ ১৫.৯৭ ছেকেণ্ডত ৪০০ মিটাৰ দৌৰত যোগ্যতা অৰ্জন কৰিছিল হিমাই৷

#ৰাজ্যিক পৰ্যায়ত সফলতাঃ

#হিমাই পূৰ্বে জিলা আৰু ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত এথলেটিকছ প্ৰতিযোগিতাত বিশেষ সফলতা লাভ কৰাৰ পিছত খেল ইণ্ডিয়া, ৰাষ্ট্ৰীয় স্কুল গেমছ আৰু য়ুথ গেমছত ২০০ মিটাৰ দৌৰত দ্বিতীয় স্থান দখল কৰি ৰূপৰ পদক আৰু ১০০ মিটাৰ দৌৰত তৃতীয় স্থান লাভেৰে ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল৷

#বিশ্ব স্কুল এথলেটিকছ চেম্পিয়নশ্বিপঃ বিশ্ব স্কুল এথলেটিকছ চেম্পিয়নশ্বিপত ২০০ মিটাৰত ভাৰতক প্ৰতিনিধিত্ব কৰি ৫ম স্থান দখল কৰিছিল হিমা দাসে৷

#২০১৭ চনৰ জুলাইত ১৮ অনুৰ্ধ এথলেটিকছঃ কেনিয়াৰ নাইৰোবিত ২০১৭ চনত ১২ জুলাইৰ পৰা অনুষ্ঠিত হোৱা বিশ্ব ১৮ অনুৰ্ধ এথলেটিকছ প্ৰতিযোগিতাত নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শনেৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। সেই সময়ত ভাৰতীয় দলত স্থান লাভ কৰিছিল হিমাই৷ জুনিয়ৰ পৰ্যায়ৰ এই বিশ্ব স্তৰৰ প্ৰতিযোগীতাত দুশ মিটাৰ দৌৰত (প্ৰথম ৰাউণ্ডত) ২৪.৩৯ চেকেণ্ড সময় লৈ বিশ্বৰ ভিতৰতে ৫নং ৰেংকিঙত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।

#২০১৭ চনৰ মে’ত পুনৰ যোগ্যতা অৰ্জনঃ হিমা দাসে বিশ্ব এথলেটিকছ প্ৰতিযোগিতালৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে৷ ২০-২৩ মে’লৈ থাইলেণ্ডত অনুষ্ঠিত হোৱা দ্বিতীয় এছিয়ান য়ুথ এথলেটিকছ প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল হিমা দাসে৷ ২০০ মিটাৰ দৌৰত ২৫.০৫ ছেকেণ্ড সময়েৰে সপ্তম স্থান দখল কৰিবলৈ সক্ষম হয়৷ হিমা দাসে সেই সময়সীমাৰ ১০ ছেকেণ্ড পূৰ্বেই দৌৰ সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হয়৷ 

#২০১৭ চনৰ জানুৱাৰীতঃ দৰিদ্ৰ পৰিয়ালৰ প্ৰতিভাবান খেলুৱৈ হিমা দাসে যোৱা জানুৱাৰীত গুজৰাটৰ বদোদৰাত অনুস্থিত ৬২ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ এথলেটিকছত ১৭ অনুৰ্ধ ছোৱালী শাখাৰ দুশ মিটাৰ দৌৰত ৰূপৰ আৰু এশ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক অজনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।

#২০১৭ চনৰ এপ্ৰিলতঃ  ২০১৭ চনৰ ২১-২৩ এপ্ৰিলত হায়দৰাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় য়ুথ চেম্পিয়নশ্বিপত ১২.৬৫ ছেকেণ্ডেৰে এশ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক আৰু ২৫.৮৫ ছেকেণ্ডেৰে দুশ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছিল। ২০১৭ চনৰ মে’ মাহত বেংককত অনুষ্ঠিত ১৮ অনুৰ্ধ এছিয়ান য়ুথ এথলেটিকছ চেম্পিয়নশ্বিপতো ভাগ লৈছিল হিমাই। 

#সম্বৰ্ধনাঃ ২০১৭ চনৰ ২০ জুলাইত নগাঁৱৰ ৰাইজে সম্বৰ্ধনা যাচিছিল হিমা দাসক৷ সংক্ষেপতে এই খিনি বৰ্ণনা দিয়া হৈছে৷ ইয়াৰ লগতে আন কেইবাটাও সফলতা লাভ কৰিছে হিমাই৷