ডিজিটেল ডেস্কঃ চকুৰ পলকতে মাটিয়ে পুতি পেলালে অৰ্ধশতাধিক লোকক। নিমিষতে দুৰ্ভগীয়া লোকসকল সমাধিস্থ হ'ল।

কলহৰ কাণে ঢলা বৰষুণৰ পিছত আৰম্ভ হোৱা ভূমিস্খলনৰ পৰিণতিত হিমাচল প্ৰদেশত প্ৰাণ হেৰুৱালে হতভগীয়া গঞাই। প্ৰাপ্ত তথ্য অনুসৰি প্ৰবল বৰষুণৰ পিছত ৰাজ্যখনৰ মেণ্ডি অঞ্চলত দেওবাৰৰ পৰা আৰম্ভ হৈছে ভূমিস্খলন।  

ছিমলাৰ নিকটৱৰ্তী পাহাৰীয়া এলেকাটোত পাহাৰৰ ভূমিয়ে পুতি পেলাইছে বৃহত্তৰ অঞ্চল। এই পৰ্যন্ত প্ৰকৃতিৰ তাণ্ডৱত ৫১ জন লোকৰ প্ৰাণনাশ নিশ্চিত কৰা হৈছে।

আনহাতে ভূমিস্খলনৰ ফলত মেণ্ডিত দুৰ্ঘটনাগ্ৰস্ত হৈছে দুখন যাত্ৰীবাহী বাছ। দুখনকৈ বাছৰ শতাধিক যাত্ৰীৰ জীৱন বিপন্ন বুলি উদ্ধাৰকাৰী বাহিনীয়ে প্ৰকাশ কৰিছে।