গুৱাহাটীঃ মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস তথা বঁটা প্ৰদান অনুষ্ঠান৷
স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে অসম চৰকাৰে ২০১৯ বৰ্ষৰপৰা প্ৰযোজ্য হোৱাকৈ প্ৰৱৰ্তন কৰিছে 'স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা'৷
ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত অৱদান আগবঢ়াই অহা এগৰাকী বিশিষ্ট ব্যক্তিক প্ৰতি তিনি বছৰৰ মূৰত আগবঢ়োৱা হ'ব এই বঁটা৷ ২০১৯ বৰ্ষৰ এই বঁটা প্ৰদান কৰা হৈছে বিশিষ্ট সাহিত্যিক সুশীল কুমাৰ গগৈক৷
এই বঁটাত আছে নগদ ২ লাখ টকাৰ লগতে এখনি প্ৰশস্তিপত্ৰ আৰু অংগবস্ত্ৰ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু সদৌ অসম মটক সন্মিলনৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানৰ৷
এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত অসম চৰকাৰৰ হৈ বঁটা প্ৰদান কৰিব শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু সাংস্কৃতিক মন্ত্ৰী নৱ দলে৷