হোজাইঃ যমুনামুখৰ ভেদৌআটিত সংঘটিত হৈছে এক গুলীয়াগুলিৰ ঘটনা৷ আজি সন্ধিয়া হোজাই জিলাৰ যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত ভেদৌআটিত সংঘটিত হয় এই ঘটনা৷
ঘটনাৰ বিৱৰণী মতে, আজি সন্ধিয়া সাত মান বজাত দুখন বাইকেৰে অহা চাৰিজনীয়া দুৰ্বৃত্তৰ এটা দলে গাওঁখনৰ বাসিন্দা আব্দুল আহাদৰ ঘৰত প্ৰৱেশ কৰি লোকজনলৈ লক্ষ্য কৰি চাৰি জাই গুলী বৰ্ষণ কৰে। ইয়াৰ পিছতে দুৰ্বৃত্তৰ দলটোৱে ঘটনাস্থলীৰ পৰা ততালিকে পলায়ন কৰে ৷
গুলীৰ শব্দ শুনি ওচৰ-পাজৰৰ লোক ওলাই অহাত দুৰ্বৃত্তৰ দলটোৱে ঘটনাস্থলীতে এ এছ ০২ এম ২৩০৮ নম্বৰৰ এখন বাইক এৰি থৈ যায় ৷ ঘটনাস্থলীত কেবাটাও গুলী উদ্ধাৰ হয় ৷
ইপিনে দুৰ্বৃত্তৰ গুলীত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা আব্দুল আহাদক মুমূৰ্ষ অৱস্থাত ডবকা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও লোকজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে হোজাইৰ হাম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
লগে লগে ঘটনাস্থলীত যমুনামুখ-ডবকা আৰক্ষী, হোজাই জিলা আৰক্ষীৰ অধীক্ষক উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে ৷ বাতৰি লিখা সময়লৈকে এজনো দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই৷