বৰনৰ্দ্দীৰপৰা দিগন্ত বৰ্মন
বৰনৰ্দ্দীঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বুধবাৰে ঘোষণা কৰা ফলাফলত নলবাৰীৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিকিতা কলিতাই সৰ্বমুঠ ৫৮৭ নম্বৰ লাভ কৰি অসমৰ ভিতৰতে সপ্তম স্থান দখল কৰি জিলাখনলৈ গৌৰৱ আনিবলৈ সক্ষম হৈছে।
নিকিতাই অসমীয়াত ৯৫, ইংৰাজীত ১০০, সমাজ বিজ্ঞানত ৯৭, সাধাৰণ বিজ্ঞানত ৯৭, সাধাৰণ গনিতত ১০০, উচ্চ গনিতত ৯৮ শতংশ লাভ কৰা নিকিতাই ভবিষ্যতে চিকিৎসক হোৱাৰ মন পুহি ৰাখিছে৷
আনহাতে ছ’চিয়েল মিডিয়াৰপৰা আতৰত থকাৰ আহ্বান জনাইছে কৃতিত্ব অৰ্জন কৰা ছাত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক। সৰ্বমুঠ দৈনিক ৮/৯ঘন্টাকৈ অধ্যায়ন কৰিছিল এইগৰাকী মেধাৱী ছাত্ৰীয়ে৷ নলবাৰীৰ বিদ্যাপুৰৰ এইগৰাকী ছাত্ৰীৰ পিতৃ এগৰাকী বেংক বিষয়া গোপাল কলিতা আৰু মাতৃ গীতা কলিতা এগৰাকী গৃহিনী৷ কন্যাৰ এই সফলতাত সততে বিদ্যালয়খনৰ লগতে উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃ।