কোকৰাঝাৰঃ ফাকুৱাৰ আনন্দ উছাহৰ মাজতে অাজি চতুৰ্থ দিনৰ বাবেও পৃথক বড়োলেণ্ডৰ দাবীত অব্যাহত অাছে এবছুৰ অামৰণ অনশন কাৰ্যসূচী। পৃথক বড়োলেণ্ড গঠন অাৰু প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসৱাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ দাবীত কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক অাৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত এবছু, এনডিএফবি(প্ৰ)অাৰু পিজেএচিবিএমৰ যৌথ উদ্যোগত অাৰম্ভ হোৱা অামৰণ অনশনে অাজি চতুৰ্থ দিনত ভৰি দিলে যদিও চৰকাৰৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই।

⇒ ৰাজ্যজুৰি এবছুৰ জোঁৰ লৈ সমদল
⇒ চতুৰ্থ দিনত ভৰি দিলে এবছুৰ অামৰণ অনশনে 

ক্ৰমান্বয়ে অনশনকাৰীসকলৰ স্বাস্থ্যৰ অৱনতি ঘটা আৰম্ভ কৰিছে যদিও চৰকাৰে গুৰুত্ব নিদিয়াত অনশনকাৰীসকল ক্ষুব্ধ হৈ পৰিছে। এবছুৰ সভাপতি প্ৰমোদ বড়োই চৰকাৰৰ মৌনতাত ক্ষুব্ধ হৈ কয় যে প্ৰকৃততে চৰকাৰৰ গণতন্ত্ৰৰ ভাষা বুজি নাপায়। আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হ'লে চৰকাৰে হাজাৰ হাজাৰ পুলিচ সেনা পঠালেহেঁতেন বুলি মন্তব্যৰে অহিংস নীতিৰে গণতান্ত্ৰিক অান্দোলন কৰাৰ বাবে চৰকাৰ গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰে। বড়োৰ ন্যায্য দাবীৰ সমৰ্থনত অনশনকাৰীসকলে যিমান ঘণ্টা অনশন অব্যাহত ৰাখিব পৰবৰ্তী পৰ্যায়ত সিমান ঘণ্টা ৰাষ্ট্ৰীয় ঘাইপথ অাৰু ৰে'লপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সদৰী কৰি এবছুৰ সভাপতি প্ৰমোদ বড়োই প্ৰতিশ্ৰুতি অনুসৰি অতি শীঘ্ৰেই এবছুৰ দাবীসমুহ পূৰণ কৰিবলৈ দাবী জনাইছে।

ইপিনে অনশনথলীত উপস্থিত হৈ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম অাৰু লোকসভাৰ প্ৰাক্তন সাংসদ ছানছুমা খুংগুৰ বিছমুথিয়াৰীয়ে অংশগ্ৰহন কৰি চৰকাৰৰ অমনোযোগিতাক কঠোৰ ভাষাৰে সমালোচনা কৰে। আজি অনশনকাৰীসকলৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি তথা পৃথক বড়োলেণ্ডৰ দাবীত এবছু, এনডিএফবি(প্ৰ) অাৰু পিজেএচিবিএমৰ উদ্যোগত অাজি ৰাজ্যজুৰি জোঁৰ লৈ সমদল যাত্ৰা বাহিৰ হয়।

ইয়াৰ অংশস্বৰূপে কোকৰাঝাৰতো এবছুৱে এক বিশাল জোঁৰ লৈ সমদল যাত্ৰা বাহিৰ কৰি বিভিন্ন শ্লোগানেৰে সদৰ চহৰৰ অাকাশ বতাহ মুখৰিত কৰি তোলে। অানহাতে একেটা দাবীৰ সমৰ্থনত কাইলৈও অৰ্থাৎ ১৪ মাৰ্চত কোকৰাঝাৰত এক বিশাল গণ সমাৱেশ অনুষ্ঠিত হ'ব বুলি সদৰী কৰিছে এবছুৰ সভাপতি প্ৰমোদ বড়োই। ৰঙৰ উৎসৱ হোলিৰ মাজতেই এবছুয়ে ধাৰাবাহিকভাৱে পৃথক ৰাজ্যৰ দাবীত অান্দোলন অব্যাহত ৰাখিছে যদিও চৰকাৰে বিষয়টোত কোনোধৰণে গুৰুত্ব অাৰোপ নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।