নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত কমলপুৰত সোমবাৰে সন্ধ্যা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় । লাঠিৰে মৰিয়াই মৰিয়াই স্বামীয়ে হত্যা কৰিলে নিজ পত্নীক।
শিমলুগুৰিৰ কমলপুৰস্থিত খগেন হাজৰিকাৰ চাহ বাগানত দীৰ্ঘদিন ধৰি কাম কৰি আছিল গহপুৰ নিৰ্মলা বাগানৰ নিবাসী ৰবীন ভূমিজ আৰু পত্নী তুলে ভূমিজ নামৰ দম্পতি হালে ।
বাগানৰ মাজত থকা সৰু ঘৰ এটাতে দুটি সন্তান এজনী ৮ বছৰীয়া ছোৱালী আৰু এটি ডেৰ বছৰীয়া পুত্ৰসহ বাস কৰি আছিল দম্পতি হাল। ৰবীন ভূমিজে প্ৰায়ে মদ্যপান কৰি পত্নীক গালি গালাজ পাৰি কাজিয়া কৰিছিল বুলি জানিব দিছে অঞ্চলবাসীয়ে।
অন্য দিনৰ দৰে আজিও সূত্ৰপাত ঘটা পাৰিবাৰিক কন্দলৰ বাবেই নিছাসক্ত ৰবীনে লাঠিৰে মৰিয়াই মৰিয়াই অচল কৰি পেলাই পত্নী তুলেক ভূমিজক । ৰবীন ভূমিজৰ লাঠিৰ কোবত মৃত্যু হয় পত্নী তুলেকৰ ।
অঞ্চলটোৰ কেইজনমান যুৱকে ঘটনাটো জানিব পাৰি পলোৱাৰ চেষ্টা কৰা পাখণ্ড ৰবীনক ধৰি বান্ধি শিমলুগুৰি আৰক্ষী চকীক খবৰ দিয়ে । ঘটনাস্থলীত শিমলুগুৰি আৰক্ষী উপস্থিত হৈ হত্যাকাৰী ৰবীন ভূমিজক গ্ৰেপ্তাৰ কৰি জেল হাজোলৈ প্ৰেৰণ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পাৰীক্ষৰ বাবে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।