newsnextone.com | ডিজিটেল ডেস্কঃ নাৰী নিৰ্যাতন আৰু ধৰ্ষণ প্ৰতিৰোধ কৰিবলৈ চৰকাৰ প্ৰশাসনে নতুন নতুন আইন প্ৰণয়ন কৰিছৗে। কিন্তু তাৰ পিছতো ধৰ্ষণৰ মাত্ৰা ৰোধ হোৱা নাই। প্ৰতিদিনে ধৰ্ষণৰ বাতৰিয়ে সংবাদ মাধ্যমত স্থান লাভ কৰাৰ লগতে নাৰী জাতিক নিজৰ সুৰক্ষাৰ প্ৰতি উদ্বিগ্ন কৰি তুলিছে। প্ৰতিদিনে পুৰুষৰ প্ৰতাৰণা, লাঞ্চনাৰ বলি হৈ আহিছে নাৰী জাতি৷ শেহতিয়াকৈ পুৰুষৰ প্ৰতাৰণাৰ বলি হোৱা এগৰাকী নাৰীৰ কথা পোহৰলৈ আহিছে৷
মহিলা চফটৱেৰ প্ৰফেচনেল নামৰ সংস্থাৰ অভিযোগৰ ভিত্তিত শুকুৰবাৰে হায়দৰাবাদৰ এজন পানদোকানীক আৰক্ষীয়ে আটক কৰে৷ ধৃত দোকানী জনৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ নং ধাৰাত ধৰ্ষণৰ আৰু ৪১৭ নং ধাৰাত বিস্বাসঘাতকতাৰ গোচৰ ৰুজু কৰে৷
অভিযোগ অনুসৰি এগৰাকী যুৱতীক উপেন্দ্ৰ বাৰ্মা নামৰ পান দোকানৰ মালিকজনে বিয়াৰ প্ৰলোভন দি বিগত ৪ বছৰে ধৰ্ষণ কৰি আহিছিল৷ নিৰ্যাতিতাই আৰক্ষীক জনোৱা অনুসৰি উপেন্দ্ৰ বাৰ্মাই তেওঁক ৪ বছৰ আগতে প্ৰেমৰ প্ৰস্তাৱ দিছিল৷
আনহাতে বিয়াৰ প্ৰলোভন দি বাৰে বাৰে ধৃত লোকজনে যুৱতী গৰাকীৰ ওপৰত যৌন অতিশয়্যা চলোৱা বুলিও অভিযোগ কৰে যুৱতীগৰাকীয়ে৷ কিন্তু পিছত যুৱতীগৰাকীয়ে উপেন্দ্ৰ বাৰ্মা বিবাহিত বুলি জানিব পাৰে৷
লম্পট লোকজনৰ হাতত প্ৰতাড়িত হৈ যুৱতীগৰাকীয়ে মহিলা চফটৱেৰ প্ৰফেচনেল নামৰ সংস্থাটোৰ সহযোগত লোকজনৰ বিৰুদ্ধে আৰক্ষীথানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে উপেন্দ্ৰ বাৰ্মাক আটক কৰি তদন্ত আৰম্ভ কৰিছে৷