- গঁড় হত্যা কৰিবলৈ উদ্যানত প্ৰৱেশ কৰাৰ সময়তে গ্ৰেপ্তাৰ দুই দুৰ্ধৰ্ষ চোৰাং চিকাৰী
- জব্দ অস্ত্ৰ-শস্ত্ৰ
কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ দৈৱক্ৰমেহে প্ৰাণ ৰক্ষা পৰিল অসম গৌৰৱ তথা বিশ্বখ্যাত এশিঙিয়া গঁড়ৰ ৷ ৰাষ্ট্ৰীয় উদ্যানখনত গঁড় হত্যা কৰাৰ মানসেৰে প্ৰৱেশ কৰিবলৈ লওঁতেই নাটকীয়ভাৱে অস্ত্ৰ-শস্ত্ৰসহ দুটা দুৰ্ধৰ্ষ চোৰাং চিকাৰীক বোকাখাত আৰক্ষীয়ে বনবিভাগৰ সহযোগত কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷
পূৰ্বৰ জখলাবন্ধা আৰক্ষী থানাৰ সুদক্ষ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা বৰ্তমান বোকাখাত আৰক্ষী থানাৰ সহকাৰী পৰিদৰ্শক দেৱেন বৰাৰ নেতৃত্বত যোৱা আৰক্ষী আৰু বনবিভাগৰ এটা দলে কাজিৰঙাৰ শিলজুৰিৰ পৰা গ্ৰেপ্তাৰ কৰে বিনোদ কৰ্মকাৰ আৰু কৃষ্ণ কৰ্মকাৰ নামৰ দুটা দুৰ্ধৰ্ষ চোৰাং চিকাৰীক ৷ উল্লেখযোগ্য যে, পূৰ্বতেও একাধিকবাৰ গঁড় হত্যাৰ ঘটনাৰ সৈতে জড়িত আছিল বিনোদ কৰ্মকাৰ আৰু কৃষ্ণ কৰ্মকাৰ নামৰ এই দুটা দুৰ্ধৰ্ষ চোৰাং চিকাৰী ৷
জানিব পৰা মতে কাজিৰঙাৰ শিলজুৰিৰ নিবাসী বিনোদ কৰ্মকাৰ আৰু কুঠৰীৰ নিবাসী কৃষ্ণ কৰ্মকাৰে কাৰ্বি আংলংৰ জোচেফ নামৰ বন্দুক চলোৱাত অতিকে পাৰ্গত এটা চোৰাং চিকাৰীৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰাৰ পৰিকল্পনা বহু দিনৰে পৰাই কৰি আছিল। বোকাখাত আৰক্ষী থানাৰ সহকাৰী পৰিদৰ্শক দেৱেন বৰাই এক গোপন সূত্ৰৰ জৰিয়তে এই পৰিকল্পনাৰ সম্ভেদ পোৱাৰ পাছৰেপৰা বিগত প্ৰায় ২০ দিন ধৰি এই চোৰাং চিকাৰী দলটোৰ ওপৰত চোকা নজৰ ৰাখিছিল ৷ আনহাতে, মঙ্গলবাৰে চোৰাংচিকাৰী জোচেফ, বিনোদ কৰ্মকাৰ আৰু কৃষ্ণ কৰ্মকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত গঁড় হত্যা কৰাৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল ৷
সেই অনুসৰি বিনোদ আৰু কৃষ্ণ কৰ্মকাৰ সাজু হৈ আছিল ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰিবলৈ ৷ জোচেফ নামৰ দুৰ্ধৰ্ষ চোৰাং চিকাৰীটো কাৰ্বি আংলংৰ পৰা অহাৰ বাবেই বাটচাই ৰৈ আছিল বিনোদ আৰু কৃষ্ণ কৰ্মকাৰে ৷ ঠিক তেনে সময়তে বোকাখাত আৰক্ষীৰ দলটোৱে অতি নাটকীয়ভাৱে শিলজুৰিৰ পৰা কৰায়ত্ত কৰে বিনোদ আৰু কৃষ্ণ কৰ্মকাৰ নামৰ দুৰ্ধৰ্ষ চোৰাং চিকাৰী দুটাক৷
ধৃত দুয়োটা চোৰাংচিকাৰীক বোকাখাত আৰক্ষী থানালৈ লৈ অহা হয়৷ দুয়োটা চোৰাংচিকাৰীয়ে বোকাখাত আৰক্ষী থানাত ইটোৰ-পাছত সিটোকৈ বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে৷ মঙ্গলবাৰে গঁড় হত্যা কৰাটো একপ্ৰকাৰ নিশ্চিতই হৈ আছিল বুলি ধৃত চোৰাং চিকাৰী দুটাই সংবাদ মাধ্যমৰ আগত বিষ্ফোৰক স্বীকাৰোক্তি দাঙি ধৰিছে ৷
সম্প্ৰতি বোকাখাত আৰক্ষী থানাত জেৰা কৰি থকা বিনোদ আৰু কৃষ্ণ কৰ্মকাৰৰ মুখৰ পৰা আৰু অধিক গঁড় হত্যাৰ বিস্ফোৰক তথ্য বাহিৰ হোৱা সম্ভাৱনা আছে ৷