newsnextone.com | ডিজিটেল ডেস্কঃ আকবৰ কোনো মহান সম্ৰাট নাছিল৷ সেই উপাধি লাভ কৰা উচিত মহাৰাণা প্ৰতাপহে৷ এনেদৰে ইতিহাসৰ নতুন ব্যাখ্যা আগবঢ়াই পুনৰ এবাৰ বিতৰ্কৰ সৃষ্টি কৰিছে উত্তৰ প্ৰদেশৰ বিজেপিৰ চৰকাৰৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে৷
পূৰ্বেও কেইবাটাও বিতৰ্কিত মন্তব্য কৰি সংবাদ মাধ্যমত চৰ্চা লাভ কৰি আহিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ৷ সমাজ জীৱনৰ পৰা ৰাজনীতিলৈ সকলোতে নিজৰ জ্ঞানৰ গভীৰতা দেখুৱাবলৈ গৈ কেইবাবাৰো বিতৰ্কিত মুখ্যমন্ত্ৰীগৰাকীয়ে বিপদতো পৰিছে৷ শেহতীয়াকৈ ইতিহাসত তেওঁৰ দক্ষতা দেখুৱাবলৈ গৈ মহান মোগল সম্ৰাট হিচাপে অভিহিত আকবৰৰ বিষয়ে ভুল মন্তব্য প্ৰকাশ কৰি মোগল সম্ৰাট গৰাকীৰ অস্তিত্ব ইতিহাসৰ পাততে বিপন্ন কৰা পৰিলক্ষিত হৈছে৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও যোগী আদিত্য নাথে দিল্লীৰ বিখ্যাত আকবৰ ৰোডৰ নাম সলনি কৰি মহাৰাণা প্ৰতাপ ৰোড ৰখাৰ দাবী উত্থাপন কৰিছিল৷
বৃহস্পতিবাৰে লক্ষ্নৌৰ আইএমআৰটিৰ এক অনুষ্ঠানত অংশ লৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সম্ৰাট আকবৰক ‘মহান’ সম্ৰাট বুলি মানি ল’বলৈ অস্বীকাৰ কৰে৷ তেওঁ ইয়াৰ যুক্তি দাঙি ধৰি কয়, ‘এই উপাধি একমাত্ৰ মহাৰাণা প্ৰতাপেহে লাভ কৰা উচিত৷ কাৰণ একমাত্ৰ তেৱেঁই আকবৰৰ বিৰুদ্ধে যুদ্ধত অৱৰ্তীৰ্ণ হ’বলৈ সাহস কৰিছিল৷ কোনো বিদেশীৰ হাতত দেশৰ শাসনভাৰ তুলি দিবলৈ মহাৰাণা প্ৰতাপে ঘোৰ আপত্তি কৰিছিল৷’
যোগী আদিত্যনাথে পুনৰ কয়, ‘বিকৃত ইতিহাসৰ দ্বাৰা পৰিচালিত কোনো সমাজে ভৱিষ্যতে শক্তিশালী ভেটি গঢ়ি তুলিব নোৱাৰে৷ আমাৰ অতীত গৰিমাই উজ্জ্বল ভৱিষ্যত গঢ়িবলৈ সক্ষম৷ মহাৰাণা প্ৰতাপৰ অসীম সাহস আৰু তেওঁৰ আপোচবিহীন জীৱনৰ পৰা তৰুণ প্ৰজন্মই অনুপ্ৰেৰণা লাভ কৰিব পাৰে৷’
উল্লেখ্য যে, ২০১৭ চনত ইতিসাহমূলক গ্ৰন্থৰ পৰা সমস্ত মোগল শাসকৰ নাম মছি পেলাবলৈ আবেদন কৰিছিল মীৰাটৰ বিজেপি বিধায়ক সংগীত সোমে৷ তেওঁ অভিযোগ উত্থাপন কৰিছিল যে মোগল শাসকসকলে ভাৰতবৰ্ষক বিশ্বাসঘাটকতা কৰিছিল৷
ইফালে দুদিন পূৰ্বেই বালিয়াৰ বিজেপি বিধায়ক সুৰেন্দ্ৰ সিঙে তাজমহলৰ নাম সলনি কৰি প্ৰভু ৰাম মহল, কৃষ্ণ মহল বা ৰাষ্ট্ৰভক্ত মহল ৰখাৰ বাবে আবেদন জনাইছিল৷
ইয়াৰ পিছতে উত্তৰ প্ৰদেশৰ বিজেপি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মোগল সম্ৰাট আকবৰক লৈ এনে মন্তব্য প্ৰকাশ কৰাত বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়৷
সমাজবাদী পাৰ্টিৰ মুখপাত্ৰ ৰাজেন্দ্ৰ চৌধুৰীয়ে এই বিষয়ত কয়, ‘নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিয়ে জাতি-ধৰ্মৰ বিচাৰেৰে সমাজখনক দ্বিখণ্ডিত কৰাৰ খেল খেলিছে৷’ বিজেপিয়ে পৰিবৰ্তনৰ শ্ল’গান দিয়ে সকলোতে নিজৰ মইমতালি কৰিব পাৰিলেও এনে অৰ্থহীন পৰিবৰ্তন সাধন কৰি ইতিয়াস সলাব নোৱাৰে বুলিও মন্তব্য কৰে ৰাজেন্দ্ৰ চৌধুৰীয়ে৷