ডিজিটেল ডেস্কঃ কলকাতাৰ পৰা ঢাকা হৈ গুৱাহাটীলৈ যাত্ৰীবাহী জাহাজ সেৱা আৰম্ভ কৰা হ’ব বুলি ঘোষণা হোৱাৰ পিচতেই ভাৰত-বাংলাদেশৰ মাজত নৌ-পৰিবাহনৰ ক্ষেত্ৰত দিল্লী আৰু ঢাকাৰ মাজত আৰু কেবাখনো চুক্তি হোৱা বুলি জানিব পৰা গৈছে৷ ভাৰত আৰু বাংলাদেশৰ মাজৰ এই মজবুত বানিজ্যিক সম্পৰ্কৰ 
সুবাদতেই এইবাৰ বাংলাদেশে ভাৰতৰ কলিকতা আৰু হলদিয়া বন্দৰ ব্যৱহাৰ কৰিব পাৰিব৷ 

বৈদেশিক দপ্তৰৰ এক সূত্ৰ অনুসৰি ভাৰতে আগৰেপৰাই বাংলাদেশৰ চট্টগ্ৰাম আৰু মংলা বন্দৰ ব্যবহাৰ কৰি আহিছে৷ এতিয়া এই দুই বন্দৰৰ যোগেৰে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবোৰলৈ পন্য-দ্ৰব্য যোগান ধৰিবলৈ দুয়োখন দেশ চুক্তিবদ্ধ হৈছে৷ ইয়াৰ উপৰিও দুয়োখন দেশৰ নদীবোৰৰ মাজত সংযোগ বৃদ্ধি কৰি বেপাৰ-বানিজ্য বৃদ্ধিৰ বাবে নদী সংস্কাৰৰ বিষয়েও দুয়োখন দেশৰ মাজত আলোচনা হোৱা বুলি জানিব পৰা গৈছে৷ 

কলিকতাৰ পৰা গুৱাহাটী হৈ যোৰহাটলৈ নদীপথেৰে যাত্ৰীবাহী আৰু মালবাহী জাহাজ চলিব বুলি ইতিমধ্যেই দুয়োখন দেশৰ মাজত চুক্তি সম্পন্ন হৈছে৷ চেন্নাইৰ পৰা বাংলাদেশৰ চট্টগ্ৰাম আৰু কক্সবজাৰলৈ পৰ্য্যটকৰ বাবে জাহাজ চলোৱাৰ কথাও চূৰান্ত পৰ্য্যায়লৈ লৈ যোৱা হৈছে৷ ২০১৫ চনত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঢাকা ভ্ৰমনৰ সময়তে দুয়োখন দেশৰ মাজত চট্টগ্ৰাম আৰু মংলা বন্দৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বুজা-বুজিৰ চুক্তি এখন সম্পন্ন কৰা হৈছিল৷ ইয়াৰ পিচত বাংলাদেশৰ চৰকাৰে যোৱা ছেপ্তেম্বৰ মাহত এই চুক্তিৰ সচৰাত অনুমোদন দিয়ে৷ এই চুক্তিৰ প্ৰধান চৰ্ততো হৈছে এই নৌ-পৰিবাহন ব্যবস্থাত কেৱল বাংলাদেশৰ জাহাজহে ব্যৱহাৰ কৰিব লাগিব৷            

ইয়াৰ উপৰিও কিছুদিনৰ আগতে দুয়োখন দেশৰ মাজত ‘ইন্দো-বাংলা মৈত্রী পাইপলাইন’ প্রকল্পৰ চুক্তি কৰা হয় ৷ ২০২০ চনত সম্পূৰ্ন হ’ব লগীয়া এই পাইপলাইন প্ৰকল্পত প্ৰায় ৮ হাজাৰ কোটি টকা ব্যয় কৰা হ’ব৷ এই পাইপলাইনৰ যোগেৰে ভাৰতৰ পৰা বাংলাদেশলৈ খাৰুৱা তেল পৰিবাহন কৰা হ’ব৷ ইয়াৰ ফলত বাংলাদেশৰ খাৰুৱা তেল আমদানীৰ পৰিবাহন ব্যয় যথেষ্ঠ হ্ৰাস পাব আৰু যি কোনো প্ৰাকৃতিক দুৰ্যোগ আৰু জৰুৰীকালীন অৱস্থা যেনে বন্ধ আদিৰ সময়তো দেশখনে ভাৰতৰ পৰা  নিৰবচিন্নভাৱে খাৰুৱা সৰবৰাহ কৰি থাকিব পৰিব৷