ডিজিটেল ডেস্কঃ নৱবৰ্ষৰ প্ৰথম দিনটোতে শীৰ্ষস্থানত অধিষ্ঠিত হ’ল ভাৰত। এই দিনটোত সমগ্ৰ বিশ্বতে জন্মলাভ কৰে প্ৰায় ৪ লাখ নৱজাতক। ইয়াৰ ভিতৰত ভাৰতত জন্ম লাভ কৰা নৱজাতকৰ সংখ্যাই হৈছে সকলো দেশতকৈ সৰ্বাধিক।
ইউনিচেফৰ পৰিসংখ্যা অনুযায়ী পহিলা জানুৱাৰীৰ দিনটোত বিশ্বত ৩,৯২,০৭৮ টি শিশুৱে জন্মলাভ কৰে আৰু ৬৭,৩৮৫টি শিশুৱেই জন্মলাভ কৰিছে ভাৰতত। ভাৰতৰ পিছতে এই ক্ষেত্ৰত দ্বিতীয় স্থানত আছে চীন। চুবুৰীয়া দেশখনত নৱবৰ্ষত জন্মলাভ কৰা শিশুৰ সংখ্যা হৈছে ৪৬,২৯৯টি।
'নতুন বছৰটোত বিশেষকৈ নতুন দশক এটাৰ আৰম্ভণিতে সেই আশা-আকাংক্ষাসমূহ পূৰণ কৰিবলৈ আমি উদগ্ৰীৱ হৈ পৰে যিসমূহ আশা-আকাংক্ষাই আমাৰ নিজৰ লগতে ভৱিষ্যত প্ৰজন্মকো সামৰি ল’ব পাৰে। সেয়ে এই দিনটোতে অধিকাংশ দম্পতীয়ে নতুনক আদৰি ল’বলৈ অধীৰ হৈ পৰে।’-এইদৰে কয় ৰাষ্ট্ৰসংঘৰ সংস্থাটোৰ কাৰ্যকৰী নিৰ্দেশক হেনৰিটা এছ ফ’ৰে।
হেনৰিটাই সদৰী কৰা মতে, ২০২০ চনত প্ৰথমটো শিশুৰ জন্ম হয় ফিজিত আৰু শেষৰটো শিশু জন্ম হয় আমেৰিকা যুক্তৰাষ্ট্ৰত। এই দিনটোত জন্মলাভ কৰা শিশুৰ সংখ্যা অনুযায়ী ভাৰত আৰু চীনৰ পিছতে তৃতীয় স্থানত আছে নাইজেৰিয়া। নাইজেৰিয়াত কালিৰ দিনটোত জন্মলাভ কৰে কমেও ৪৬ হাজাৰ নৱজাতক। ১৬,৭৮৭ টি শিশুৰে পাকিস্তানে চতুৰ্থ আৰু ১৩,০২০ টি শিশুৰে পঞ্চম স্থানত আছে ইণ্ডোনেছিয়া।
নৱবৰ্ষত জন্মলাভ কৰা শিশুৰ পৰিসংখ্যাৰ লগতে আন একাধিক পৰিসংখ্যালৈ চাই হেনৰিটাই আৰু জনাইছে যে ২০২৭ চনৰ ভিতৰত জনসংখ্যাৰ ক্ষেত্ৰত পাকিস্তানক চেৰ পেলাই ভাৰত হৈ পৰিব বিশ্বৰ সৰ্বাধিক জনবহুল দেশ। ৰাষ্ট্ৰসংঘৰ মতে, ২০১৯-২০৫০ চনৰ সময়ছোৱাত ভাৰতৰ জনসংখ্যা ২৭.৩ কোটি পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
আনহাতে বিদায়ী বৰ্ষটোত চীনৰ জনসংখ্যা আছিল ১.৪৩ কোটি। বছৰটোত ভাৰতৰ জনসংখ্যা আছিল ১.৩৭ কোটি। সৰ্বাধিক জনবহুল এই দুয়োখন দেশ বিশ্বৰ মুঠ জনসংখ্যাৰ ক্ৰমে ১৯ আৰু ১৮ শতাংশ স্থান দখল কৰি আছে।