newsnextone.com | ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰায় ৫ কিঃ মিঃ পথ ৰোড শ্ব’ কৰে৷ আবাসৰ পৰা ওলাই নিজামুদ্দিনৰ পৰা প্ৰায় ৫ কিঃমিঃ পথ খোলা গাড়ীত উঠি মোডীয়ে ৰোড শ্ব’ কৰে। দেওবাৰে উত্তৰ প্ৰদেশৰ সৈতে দেশৰ ৰাজধানী সংযোগী দিল্লী-মীৰাট এক্সপ্ৰেছ হাইৱে ৰাষ্ট্ৰৰ বাবে মুকলি কৰিবলৈ অহাৰ সময়তে খোলা জীপত উঠি চমক সৃষ্টি কৰে মোডীয়ে। 

একপ্ৰকাৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ দেওবাৰৰ পৰা আৰম্ভ কৰ মোডীয়ে। প্ৰায় ১৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী-মিৰাট এক্সপ্ৰেছ হাইৱে দেওবাৰে ৰাষ্ট্ৰৰ বাবে মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ৰাজকোষৰ ১১ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে ইষ্টাৰ্ণ পেৰীফিৰল এক্সপ্ৰেছ হাইৱে।

পথটোৰ দিল্লীৰ নিজামুদ্দিন ব্ৰিজৰ পৰা উত্তৰ প্ৰদেশ গেটলৈ ৮.৭ কিঃ মিঃ পথ দেওবাৰে প্ৰধানমন্ত্ৰীয়ে উৎঘাটন কৰে। প্ৰধানমন্ত্ৰীৰ সৈতে আছিল গড়কাপ্তানী মন্ত্ৰী নীতিন গাডকাৰী৷ ইতিমধ্যে পথটোত ৮৪১ কোটি টকা খৰছ হৈছে৷ পথটোত যমুনা নৈৰ ওপৰত আছে চলাৰ লাইট আৰু বাগিচা৷ চলাৰ লাইটে নিশা পোহৰাই তুলিব আৰু বাগিচাই সৌন্দৰ্য বৰ্ধন কৰিব পথটোত৷

১৭ মাহত কাম সমাপ্ত হৈছে পথটো নিৰ্মাণৰ৷ ৩০ মাহৰ সময় দিয়া হৈছিল পথটো নিৰ্মাণৰ বাবে৷ কিন্তু ১৭ মাহতে নিৰ্মাণ হয় পথটো৷ ইয়াৰ দ্বাৰা উত্তৰ প্ৰদেশ আৰু দিল্লীৰ মাজত যোগাযোগ সহজ হৈ পৰিব৷ পূৰ্বে ইমান খিনি পথ একাবেকা পথেৰে ৪-৫ ঘণ্টা লাগিছিল দিল্লী আহিবৰ বাবে৷ কিন্তু এতিয়া ৪৫ মিনিটত দিল্লীৰ পৰা আহ-যাহ কৰিব পাৰিব কোনো লোকে৷ 

১১ হাজাৰ কোটি ব্যয় সাপেক্ষে ১৩৫ কিঃমিঃ দৈৰ্ঘ্যৰ পথটো দেওবাৰে উদ্ধোধন কৰে মোডীয়ে৷ দেশৰ প্ৰথমটো ১৪ লেন যুক্ত পথ এইটো৷ পথটো বিদ্যুতেৰে পোহৰাই তোলাৰ বাবে লোৱা হৈছে বিশেষ ব্যৱস্থা৷ দিল্লী নিজামুদ্দিনৰ পৰা গাজিয়াবাদ পৰ্যন্ত ১২ লেন যুক্ত হ’ব পথটো৷ তাৰ পৰা পুনৰ ৮ লেন পুনৰ সংযোগ হ’ব পথটোত৷ পথটোত আছে ২.৫ মিটাৰৰ চাইকেল চলাব পৰা ব্যৱস্থা৷ ১.৫ মিটাৰ খোজকঢ়াৰ বাবে পথ৷