newsnextone.com | ডিজিটেল ডেস্কঃ বিগত সময়ত ব্যাপক লোকচানৰ সন্মুখিন হৈছে দেশৰ ৰাষ্ট্ৰীয় বেংক সমূহে৷ প্ৰতি ঘণ্টাত ৯ কোটিকৈ টকা লোকচানৰ সন্মুখিন হৈছে ৰাষ্ট্ৰীয় বেংকসমূহে৷ প্ৰতিটো পৰিয়ালক বাসস্থান আৰু দেশত স্মাৰ্ট চিটি বৃদ্ধিৰ সপোন দেখুৱাই ব্যাপক হাৰত যোজনাৰ ৰূপায়ন কৰা হৈছে যদিও বেংক সমূহ লোকচান ভৰিব লগা হৈছে৷
২০১৭-১৮ বৰ্ষত ৰাষ্ট্ৰীয় বেংক সমূহৰ মুঠ ক্ষতিৰ পৰিমাণ হৈছে ৭৯.০০০ কোটি টকা৷ ইয়াৰে অনাদায় ঋণ লাভ নকৰাত ৮.৬ কোটি টকা
লোকচান হোৱাত দেশৰ ইতিহাসত এয়াই প্ৰথম ইমান টকা লোকচানৰ সন্মুখিন হয় দেশৰ ৰাষ্ট্ৰীয় বেংকসমূহে৷
২০১৭ বৰ্ষত বাৰ্ষিক বাজেটত আৱণ্টন কৰা হৈছিল ২৪.৪ লাখ কোটি টকা৷ বিনামূলীয়া ৰন্ধন গেছৰ সংযোগৰ নামত আদায় দিব লগা হৈছিল ১৩,০০০ কোটি টকা৷ কৃষি খণ্ডত বাজেটত আৱণ্টন কৰা হৈছিল ৫৮,০০০ কোটি টকা৷ মুঠ কেন্দ্ৰীয় প্ৰকল্পৰ পৰিমাণ আছিল ৭.১ লাখ কোটি টকা৷ যি ধনৰাশি বেংকৰ ক্ষতিৰ পৰিমাণতকৈ কম৷
বিগত সময়ত কেন্দ্ৰীয় চৰকাৰৰ ঘোষিত বাজেট আৱণ্টন আছিল ২.১১ লাখ কোটি৷ কিন্তু ২০১৭-১৮ বৰ্ষত ৰাষ্ট্ৰীয় বেংকৰ ক্ষতি হৈছে ৯০,০০০ কোটি টকা৷ ৰাষ্ট্ৰীয় বেংকৰ কৰদাতাৰ টকাই বেংকৰ ক্ষতি কৰে৷
বিগত দুই বছৰত ঋণ দিয়াৰ হাৰ বৃদ্ধি হৈছে৷ ২০১৬ বৰ্ষৰ মাৰ্চ মাহলৈ ৰিজাৰ্ভ বেংক গভৰ্ণৰ ৰঘুৰাম ৰাজনে ঋণ প্ৰদানৰ নিয়মাৱলিত কঠোৰ চৰ্ত আৰোপ কৰিছিল৷ তাৰ পিছতে নতুন গভৰ্ণৰ উৰ্জিত পাটিলে পূৰ্বৰ নিয়ম শিথিল কৰে৷