ডিজিটেল ডেস্কঃ ঘৰৰ পৰা লৰালৰিকৈ ওলাই গলে সাধাৰণতে আমি কিবা নহয় কিবা এপদ লবলৈ পাহৰি যাও৷ কেতিয়াবা ঘৰৰ চাবি, কেতিয়াবা আকৌ মানিবেগ৷ কিন্তু সেই ঘটনা যদি ৰেল, বাছগাড়ী আৰু বিমানৰ ক্ষেত্ৰত হয় তেতিয়াহলে আপুনি কি ক’ব? হয়, সেই কেনে ঘটনাই ঘটিল গোৱাত। গোৱাত ১৪ গৰাকী যাত্ৰীক এৰি উৰা মাৰিলে এখন বিমানে৷ সোমবাৰে ইণ্ডিগ'j গোৱা-হায়দৰাবাদ বিমানখন ১৪গৰাকী যাত্ৰীক গোৱা বিমানবন্দৰত এৰি থৈ সময়ৰ পূ্ৰ্বেই উৰা মাৰিলে বিমান খনে৷
যাত্ৰীসকলে অভিযোগ উত্থাপন কৰি কোনোধৰনৰ ঘোষণা নোহোৱাকৈয়ে নিৰ্দিষ্ট সময়ৰ পূৰ্বেই বিমানখন উৰা মাৰে বুলি কয়৷ কিন্তু এই দিশত ইণ্ডিগ'ৰ মুখপাত্ৰই অভিযোগ অস্বীকাৰ কৰে৷ তেওঁ জনায় যে, সংস্থাৰ তৰফৰ পৰা বিমানবন্দৰত যাত্ৰীসকলৰ উদ্দেশ্যে বহুবাৰ ঘোষণা কৰা হৈছে৷ উল্লেখ্য, সোমবাৰ ইণ্ডগ'ৰ বিমান 6E-259 উৰা মৰাৰ নিৰ্দিষ্ট সময় আছিল নিশা ১০.৫০ বজাত৷
কিন্তু যাত্ৰীসকলৰ দাবী মতে নিৰ্দিষ্ট সময়ৰ ২৫ মিনিট পূৰ্বেই বিমানখন উৰা মাৰে৷ ফলত বোডিং পাছ থকাৰ পিছতো বিমানখনত উঠিব নোৱাৰিলে ১৪গৰাকী যাত্ৰী৷ ইফালে ইণ্ডিগ'ৰ মুখপাত্ৰজনে দাবী কৰা মতে বোৰ্ডিং গেট বন্ধ হৈছিল নিশা ১০.২৫ বজাত৷ কিন্তু যাত্ৰীসকল আহি উপস্থিত হয় ১০.৩৩ বজাত৷
কিন্তু এই সিদ্ধান্তৰ লোৱাৰ পূৰ্বে বিমানকৰ্মীয়ে গোটেই বিমানবন্দৰত এই ১৪গৰাকী যাত্ৰীৰ সন্ধান কৰে৷ যাত্ৰীৰ দাবী টিকটত দিয়া ফোন নম্বাৰত ফোন কৰাৰ পিছতো কোনো লাভ হোৱা নাই৷ কাৰণ টিকটত ফোন নম্বাৰ দিয়া আছিল ট্ৰ্যাভেল এজেন্টৰ৷ যাত্ৰীসকলে তেওঁলোকৰ ব্যক্তিগত নম্বাৰ বিমান সংস্থাক দিবলৈ মান্তি হোৱা নাছিল৷