২০১৫ চনৰ আগষ্ট মাহতেই আৰম্ভ হৈছিল এই কাহিনী৷ ঘটনাৰ প্ৰায় ৯ বছৰ সম্পূৰ্ণ হৈছে৷ সেই সময়ত দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল বিশেষ ঘটনাটোৱে৷ এগৰাকী মাতৃক সেইদিনা সমগ্ৰ দেশৰ জনতাই ঘৃণা কৰিছিল৷ দেশে ঘৃণা কৰা সেই নাৰী আন কোনো নহয়, তেওঁ হৈছে ইন্দ্ৰাণী মুখাৰ্জী৷ এইবাৰ আকৌ এবাৰ দেশজুৰি চৰ্চালৈ আহিছে শ্বিনা বৰাৰ আন এক কাহিনী। চিবিআইৰ তৰফৰ আদালতক জনোৱা হৈছে যে, শ্বিনাৰ দেহৰ অৱশিষ্ট অংশকো নেৰিলে মাষ্টাৰ মাইণ্ড দলে।
শ্বিনাৰ বুলি সন্দেহ কৰা দুপেকেট কংকাল তেওঁলোকে তদন্তৰ সময়ত উদ্ধাৰ কৰিছিল। সেই কংকাল এতিয়া নাইকিয়া হৈ পৰিছে। কোনে, ক’ত, কেনেকৈ নোহোৱা কৰি দিলে শ্বিনাৰ বুলি সন্দেহ কৰা কংকালৰ পেকেটটো?
মহাৰাষ্ট্ৰ ৰায়গড়ৰ অৰণ্যৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল সেই বিশেষ কংকাল। ২০১২ চনত শ্বিনা বৰাক হত্যা কৰা হৈছিল বুলি অভিযোগ উঠিছিল হত্যাৰ তিনিবছৰ পাছত। অৰ্থাৎ ২০১৫ চনত। এই ঘটনাৰ তদন্ত কৰিবলৈ গৈ আৰক্ষীয়ে সন্দেহ কৰিছিল শ্বিনাৰ মাতৃক। আৰক্ষীয়ে কেইবাটাও ক্লুৰ ভিত্তিত গ্ৰেপ্তাৰো কৰিছিল ইন্দ্ৰাণী মুখাৰ্জী অৰ্থাৎ শ্বিনাৰ মাতৃক। ইন্দ্ৰাণীৰ লগতে গ্ৰেপ্তাৰ হৈছিল ইন্দ্ৰাণীৰ স্বামী তথা শ্বিনাৰ সতীয়া পিতৃ পিটাৰ মুখাৰ্জীও।
খোল খাইছে ফাইল, আকৌ কাৰাগাৰলৈ যাব নেকি ইন্দ্ৰাণী?
২০২২ চনত কোনো উপযুক্ত প্ৰমাণ নোহোৱাত মুকলি আকাশৰ তললৈ আহিছে ইন্দ্ৰাণী মুখাৰ্জী। তাৰপিছতেই আকৌ এবাৰ শ্বিনাৰ হত্যাৰ ফাইল খোল খাইছে। বৃহস্পতিবাৰে মুম্বাইৰ বাইকুল্লাৰৰ এখন চৰকাৰী হাস্পতালত ফৰেনচিক বিশেষজ্ঞ চিকিৎসকে দিয়া জৱানবন্দীৰ উল্লেখ কৰি শ্বিনা হত্যা সম্বন্ধীয় তথ্য আদালতত জমা দিয়া হৈছে। সেই ফৰেনচিক বিশেষজ্ঞৰ জৱানবন্দীও ৰেকৰ্ড কৰা হৈছে। ২০১২ চনত উদ্ধাৰ হোৱা হাড়সমূহ পৰীক্ষা কৰিছিল তেওঁলোকৰ মাজতে এজন ফৰেনচিক বিশেষজ্ঞই। ইন্দ্ৰাণী ওলাই আহিলেও এই গোচৰ শেষ হোৱা নাই। এই গোচৰৰ পৰবৰ্তী শুনানিৰ দিন লোৱা হৈছে ২৭ জুন।
উল্লেখ্য যে এই গোচৰৰ প্ৰধান অভিযুক্ত বুলি সেই সময়ত চিনাক্ত কৰা হৈছিল শ্বিনাৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জী, তেওঁৰ প্ৰাক্তন স্বামী সঞ্জীৱ খান্না আৰু বাহন চালক শ্যামবৰ ৰায়ক। তেওঁলোকেই শ্বিনাক হত্যা কৰি দেহটো অৰণ্যলৈ নি জ্বলাইয়ো দিছিল বুলি বাতৰিত প্ৰকাশ পাইছিল। শ্বিনা আছিল ইন্দ্ৰাণীৰ প্ৰথম স্বামীৰ সন্তান। নিজ সন্তানক হত্যা কৰা ইন্দ্ৰাণীয়ে কেনেকৈ ২০২২ চনত জামিন লাভ কৰিলে সেই সন্দৰ্ভতো বহু তথ্য তেওঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে।
ইন্দ্ৰাণীয়ে কি কয়?
কন্যাক হত্যা কৰাৰ অপৰাধত অপৰাধী চিনাক্ত হোৱা ইন্দ্ৰাণীয়ে প্ৰায় ৯ বছৰৰ পাছত এই সমগ্ৰ ঘটনাক লৈ মুখ খুলিছিল ৰাষ্ট্ৰীয় সংবাদমাধ্যমত। ইন্দ্ৰাণী কাৰাগাৰৰ পৰা ওলাই আহিলেও আজিও তেওঁ সম্পূৰ্ণ নিৰ্দোষী বুলি প্ৰমাণিত হোৱা নাই। আজিও বহুতেই জানিবলৈ আগ্ৰহী কিয় এগৰাকী মাতৃয়ে নিজ কন্যাক হত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল? সময়ে সময়ে কিয় শ্বিনা বৰা এতিয়াও জীয়াই আছে বুলি দাবী কৰি আহিছিল ইন্দ্ৰাণীয়ে?
আড়ম্বৰপূৰ্ণ জীৱনৰ পৰা কাৰাগাৰৰ অন্ধকাৰ কোঠৰিত কেনেকৈ পাৰ কৰিছিল সময়, এই সমূহ কথা ইন্দ্ৰাণীয়ে প্ৰকাশ কৰিছে৷ ২০১৫ চনত সংঘটিত এই ঘটনাৰ পাছতেই ইন্দ্ৰাণী বিচ্ছিন্ন হৈ পৰিছিল পৰিয়ালৰ পৰা৷ পৰিয়াল, বন্ধুবৰ্গ, কামকাজ সকলোৰে পৰা আঁতৰি কাৰাগাৰত থকাৰ পাছত অৱশেষত মুক্তি লাভ কৰিছে। মুক্তি লাভ কৰিলেও তেওঁৰ ওপৰত কাঢ়া নজৰ আছে প্ৰশাসনৰ। যাৰবাবে মুকলি জীৱনটোক নিজৰ মতে সজাবলৈ গৈ উজুটিও খাইছে ইন্দ্ৰাণীয়ে। স্বামী হিচাপে পিটাৰ মুখাৰ্জীক গ্ৰহণ কৰাটো জীৱনৰ আটাইতকৈ ডাঙৰ ভুল বুলিও সাক্ষাৎকাৰত প্ৰকাশ কৰিছে ইন্দ্ৰাণীয়ে৷
৯ বছৰ পূৰ্বে পিটাৰ মুখাৰ্জীৰ দক্ষিণ মুম্বাইৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ হৈছিল ইন্দ্ৰাণী মুখাৰ্জী৷ গুৱাহাটীৰ 'পৰী বৰা' তেতিয়াৰে পৰা দেশৰ পৰিচিত মষ্ট ৱানটেড মহিলা ইন্দ্ৰাণী৷ পৃথিৱীৰ সকলোতকৈ প্ৰভাৱশালী নাৰীৰ তালিকাতো আছিল পৰীৰ পৰা ইন্দ্ৰাণী হৈ উঠা এইগৰাকী মহিলা৷ কাৰাগাৰত থকাৰ সময়তো তেওঁৰ চৰ্চা কমি যোৱা নাছিল৷ চৰ্চা হৈছিল ইন্দ্ৰাণীৰ বিপক্ষে৷ কাৰাগাৰৰ পৰা ওলাই ইন্দ্ৰাণীয়ে নিজেই নিজৰ বিৰুদ্ধে কৈছে কেইটামান বিশেষ কথা। শেহতীয়াতকৈ তেওঁ নিজৰ জীৱনীও লিখিছে৷ সেই বিশেষ জীৱনীখন চপাও হৈছে৷
মুম্বাইৰ নিজা বাসভৱনত বহি ইন্দ্ৰাণীয়ে লিখি উলিয়াইছে, ‘আনব্ৰকেনঃ দ্যা আনটল্ড ষ্টৰী’৷ এই গ্ৰন্থখনতে তেওঁ কন্যা শ্বিনা, পিটাৰ আৰু সংসাৰৰ সৰু সুৰা সকলোবোৰ কথাই উল্লেখ কৰিছে৷ উল্লেখ কৰা প্ৰয়োজন যে ইন্দ্ৰাণী এগৰাকী উচ্চ শিক্ষিতাও৷ তেওঁৰ অসমীয়াৰ উপৰিও বাংলা, ইংৰাজী, হিন্দী, আৰু স্পেনিছ ভাষাৰো যথেষ্ট জ্ঞান আছে৷ কাৰাগাৰত থকাৰ সময়তেই তেওঁ এই আত্মজীৱনী লিখিবলৈ আৰম্ভ কৰিছিল৷
তেওঁৰ গ্ৰন্থখন সন্দৰ্ভত সাক্ষাৎকাৰত কৈছে, ‘আগতে মই লেখামেলা কৰা নাছিলো৷ কিন্তু কাৰাগাৰত সময় পাৰ নহৈছিল৷ সেয়ে ডায়েৰী লিখিবলৈ আৰম্ভ কৰিলো৷ লেখাৰ অভ্যাস এটা থেৰাপীৰ দৰে৷ কাৰাগাৰত অন্য ব্যস্ততা নাথাকে৷ পুৰণি কথাবোৰ খুবেই মনলৈ আহি আছিল৷ সেই সমূহ লিখিবলৈ ল’লো৷ কিবা অলপ লিখাৰ পাছত নিজৰেই ভাল লাগে৷ লিখাৰ ইচ্ছা তেনেকৈয়ে বাঢ়ি থাকিল৷ কেৱল স্মৃতিত ভাঁহি থাকিয়েই মোৰ ভাল লাগিবলৈ ধৰিলে৷ জীৱনত অনেক ভুল কৰিছো। সেই কথাবোৰো মনলৈ আহি থাকে৷ ভাল কামো নকৰা নহয়৷ কিন্তু মোৰ ভুলৰ পৰিমান জীৱনত বেছি৷ মানুহ মাত্ৰে ভুল হয়েই৷’
পীটাৰৰ বাবেই এই কাম কৰিছিল ইন্দ্ৰাণীয়ে?
২০১৫ত ঘটনাটো পোহৰলৈ অহাৰ সময়ত তেওঁক মানুহ বুলি ক’বলৈকো সমাজৰ একাংশই বিচৰা নাছিল৷ অমানুহ ইন্দ্ৰাণী। বছৰ বছৰ ধৰি গঢ়া সকলোবোৰ নিমিষতে শূন্য। শূন্যৰ পৰা নিজৰ পৰিচয় পুনৰ গঢ়িবলৈ আৰম্ভ কৰিছে ইন্দ্ৰাণীয়ে৷ তেওঁ বিশ্বাস কৰে, তেওঁৰ কন্যা শ্বিনা বৰা এতিয়াও জীয়াই আছে৷ এই কথাক তেওঁ দাবী দিও কয় যে তেওঁৰ চিন্তা অমূলক নহয়৷ প্ৰমাণো পাইছে তেওঁৰ পৰিচিত বহুলোকে৷ আদালততো এই বিষয়টোক লৈ একাংশই সাক্ষী দিছে৷
ইন্দ্ৰাণীয়ে ভুলৰ প্ৰসংগ ওলাওতে কয়, ‘পিটাৰক বিয়া পতাই জীৱনত ডাঙৰ ভুল হ’ল৷ মই মানুহ চিনি নাপালো৷’ ইন্দ্ৰাণী গুৱাহাটীৰ জীয়াৰী৷ প্ৰথমে তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল কলকাতাৰ ব্যৱসায়ী সঞ্জীৱ খান্নাৰ সৈতে৷ কিন্তু এই বিবাহ বেছি দিন টিকি নাথাকিল৷ মুম্বাইৰ পিটাৰ মুখাৰ্জীৰ সৈতে কথা পাতি সলনি হয় ইন্দ্ৰাণীৰ জীৱন৷ তাৰপিছতেই ইন্দ্ৰাণীয়ে সঞ্জীৱ খান্নাক এৰি পিটাৰৰ সৈতে সংসাৰ আৰম্ভ কৰে৷ পিটাৰ-ইন্দ্ৰাণী দেশৰ মিডিয়া জগতত অতি পৰিচিত নাম হৈ পৰিল৷ কেনেকৈ ইন্দ্ৰাণীয়ে পিটাৰক লগ পালে, কেনেকৈ দুয়োৰে মাজত প্ৰেম হয় সেই কথাও ইন্দ্ৰাণীয়ে নিজেই প্ৰকাশ কৰিছে৷
ইন্দ্ৰাণীয়ে পিটাৰ সন্দৰ্ভত লগতে কয়, ‘ভালপাইছিলো পিটাৰক৷ মস্তিষ্কতকৈ হৃদয়ৰ কথাবোৰ শুনিছিলো৷ মোৰ মস্তিষ্কতকৈ হৃদয়ক বেছি গুৰুত্ব দিয়াৰ বদভ্যাস বহুদিনীয়া৷ পিটাৰক আঁকোৱালি লোৱাটোৱেই মোৰ ডাঙৰ ভুল হ’ল৷ এনে ক্ষোভ, দুখ সামৰি জীৱনটো কেনেকৈ চলাই ৰাখো?’
২০১৫ চনৰ আগত ইন্দ্ৰাণী এনে বিধ্বস্তপ্ৰায় অৱস্থাত নাছিল৷ সেই ইন্দ্ৰাণী আছিল চৌখিন ইন্দ্ৰাণী৷ পাৰ্টী কৰি ভালপোৱা, ফুৰি ভালপোৱা ইন্দ্ৰাণী৷ নিজৰ এইসমূহ ছখৰ কথা তেওঁ নিজা গ্ৰন্থখনত উল্লেখ কৰিছে৷ ২০ বছৰ আগতে তেওঁ কি নৈশভোজত কেনে পোছাক পিন্ধি গৈছিল, নিজকে কেনেকৈ সুন্দৰ কৰি ৰাখিছিল এই সকলোবোৰ কথা গ্ৰন্থখনত উল্লেখ কৰিছে৷
সমাজসেৱা কৰাৰ মন ইন্দ্ৰাণীৰ
কাৰাগাৰৰ পৰা ওলাই আহি ইন্দ্ৰাণীয়ে নিজকে আকৌ সজাই পৰাই পুৰণি ছৌখিন ইন্দ্ৰাণী হিচাপে পৰিচয় দিয়াৰ চেষ্টা কৰিও বাৰে বাৰে বিফল হৈছে৷ সকলো হেৰুৱালেও জীৱন যুদ্ধত হাৰি যাব খোজা নাই ইন্দ্ৰাণী৷ তেওঁ জীৱনক ভালপোৱাৰ কথা উল্লেখ কৰি কয়, ‘সকলোৱে বিচৰামতেই সকলোবোৰ নাপায়৷ কাৰোবাৰ হাতত যদি পৰিয়াল থাকে৷ কাৰোবাৰ হাতত থাকে কেৰিয়াৰ, কাৰোবাৰ হাতত আকৌ একোৱেই নাথাকে৷ পৰিয়াল বুলি মোৰ এতিয়া কোনো নাই৷ কেইবা বছৰ পূৰ্বে পিটাৰৰ সৈতেও বিবাহ বিচ্ছেদ হৈছে৷ পুত্ৰ মিখেলেও তেওঁৰ নামত নানান অভিযোগ আনিছে৷ কন্যা শ্বিনাও হেৰাই গ’ল৷ কেৱল নিজৰ বুলিবলৈ আছে এগৰাকী কন্যাহে৷ কন্যা ভিধি আছে যদিও মাতৃৰ পৰা দূৰত্ব বজাই ৰাখিছে ভিধিয়ে৷ মান-অভিমান আত্মীয়ৰ সৈতেই বেছি হয়৷ কাষত নিজৰ বুলি কোনো নাই৷ জীৱনটো ন’কৈ সজাম কাক লৈ? তথাপিও মোৰ কন্যা ভিধিৰ নামটো লওঁতেও মোৰ ভিতৰৰ পৰা মাতৃত্বৰ মমতা জাগি উঠে৷ তাইয়ো মোৰ বিৰুদ্ধেই কথাবোৰ কয়৷ পিটাৰে তাইক মোৰ বিৰুদ্ধে মনত বেয়া ভাব সুমুৱাই দিছে৷ এতিয়া মোৰ পৰিয়াল বুলিবলৈ কেৱল ভিধি আছে৷’
পৰিয়ালৰ কথা কওঁতে ইন্দ্ৰাণীয়ে কয়, ‘পৰিয়াল বুলিবলৈ মোৰ কাষত এটাই সঁচা পৰিয়াল আছিল৷ সেয়া আছিল মোৰ পূৰ্বৰ স্বামী সঞ্জীৱৰ পৰিয়াল৷ তেঁওলোকৰ সৈতে সম্পৰ্ক নিস্বাৰ্থ আছিল৷ সেই নিস্বাৰ্থ ভালপোৱা মই অইন ক’তো নাপালো৷ যিয়েই নহওক মই হাৰি যাব নোখোজো৷ নতুনকৈ কিছু পৰিকল্পনা হাতত লৈছো৷ সমাজসেৱাতেই মই জীৱনৰ বাকীছোৱা সময় অতিবাহিত কৰিব খোজো।’
ইন্দ্ৰাণীয়ে যে কেৱল কামেই কৰিব খোজে তেনে নহয়৷ সামগ্ৰিকভাৱে সুন্দৰ জীৱন কটাব খোজে ইন্দ্ৰাণীয়ে৷ তেওঁ বৰ্তমান যোগাসন, নাচ, পূজা-অৰ্চনা আদি কৰিয়েই সময় কটায়৷ পৰিপূৰ্ণ জীৱনৰ প্ৰতি তেওঁৰ দুৰ্বলতা আজিও আছে বুলিও সাক্ষাৎকাৰত নিজেই উল্লেখ কৰিছে ইন্দ্ৰাণীয়ে৷ সম্প্ৰতি তেওঁ সামাজিক মাধ্যমত একাউণ্টো খুলিছে৷ সামাজিক মাধ্যমত দিনটোৰ সৰহভাগ সময়তে এক্টিভ হৈ নাথাকিলেও তেওঁ মাজে মাজে এটা-দুটা পোষ্ট শ্বেয়াৰ কৰি থাকে৷ পোষ্টৰ সংখ্যাতকৈ তেওঁৰ অনুৰাগীৰ সংখ্যা লক্ষাধিক৷ ইয়াৰ পৰাই প্ৰমাণ হয় যে, ইন্দ্ৰাণীক লৈ এতিয়াও অন্ত পৰা নাই লাখ লাখ লোকৰ কৌতূহল৷ শেহতীয়াকৈ আকৌ চিবিআইয়ে আদালতক জনোৱা তথ্যই ইন্দ্ৰাণী সঁচায়ে বহূৰূপী বুলিও ভাবিবলৈ বাধ্য কৰাইছে বহুজনক।
নেটফ্লিক্সত ইন্দ্ৰাণী কাণ্ডৰ ডকু ফিল্ম
ইন্দ্ৰাণী মুখাৰ্জীৰ জীৱনৰ আধাৰত 'দ্য ইন্দ্ৰাণী মুখাৰ্জী ষ্ট’ৰীঃ বাৰিড ট্ৰুথ’ শীৰ্ষক ডকুমেণ্ট্ৰি ছিৰিজ এখনো মুক্তি পাইছে অটিটি প্লেটফৰ্ম নেটফ্লিক্সত। মুঠ ৪টা খণ্ডৰ এই ডকুমেণ্টৰিখন বিগত ২৪ ফেব্ৰুৱাৰীত মুক্তি পোৱাৰ কথা আছিল যদিও আদালতৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত সেই ক্ষেত্ৰত কিছু বাধা আহি পৰিছিল।
প্ৰকাশিত বাতৰি অনুযায়ী চিবিআইয়ে অনুসন্ধান সমাপ্ত নোহোৱাৰ পৰিপ্ৰেক্ষিতত ছিৰিজখন মুক্তি দিব নালাগে বুলি আদালতক আবেদন জনাইছিল। অনুসন্ধানক প্ৰভাৱিত কৰিব পৰাৰ সম্ভাৱনালৈ চাই ছিৰিজখনৰ মুক্তি দিব নালাগে বুলি এই আবেদন কৰিছিল অনুসন্ধানকাৰী দলটোৱে। চিবিআইৰ উক্ত আবেদনৰ শুনানি গ্ৰহণ কৰি বোম্বে উচ্চ ন্যায়ালয়ে তাৰপিছতেই ২৯ ফেব্ৰুৱাৰী পৰ্যন্ত ছিৰিজখনৰ মুক্তি স্থগিত ৰাখিবলৈ নেটফ্লিক্স ইণ্ডিয়াক নিৰ্দেশ প্ৰদান কৰে। নেটফ্লিক্স ইণ্ডিয়াই উক্ত নিৰ্দেশৰ পিছতে ডকুমেণ্টৰী ছিৰিজখনৰ মুক্তি পিছুৱাই অৱশেষত ২৯ ফেব্ৰুৱাৰীত দৰ্শকৰ বাবে মুকলি কৰি দিয়ে।
MakeMake প্ৰডাকশ্যনৰ সহযোগত এই ডকু ছিৰিজখন পৰিচালনা কৰিছে কেবাটাও বঁটা বিজয়ী ২০১৭ চনৰ 'লেডিজ ফাৰ্ষ্ট’ৰ জৰিয়তে বিশেষ পৰিচিতি লাভ কৰা পৰিচালক উৰজ বাহল আৰু শ্বানা লেভিয়ে। ডকু ছিৰিজখনত ইন্দ্ৰাণীৰ মন্তব্যৰ লগতে বিভিন্ন সময়ত দিয়া ভিন্ন মন্তব্য, সাক্ষ্য প্ৰমাণ আৰু ফোন ৰেকৰ্ডো সন্নিবিষ্ট কৰা হৈছে। মুক্তিৰ পিছতে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হোৱা এই 'ট্ৰু ক্ৰাইম ডকু ছিৰিজ’খনক সমালোচকসকলে 'ব্লাড বইলিং’ আৰু 'নাৰ্ভ চিলিং’ আখ্যা দিয়া দেখা গৈছে। একাংশ নেটিজেনে আকৌ কন্যাহন্তা ইন্দ্ৰাণীক লৈ তথ্যচিত্ৰ নিৰ্মাণ কৰা বাবে নেটফ্লিক্সকো সমালোচনা কৰিছে।