বিহালীঃ কেঁকোৰা আৰু সাপে ছিঙিলে জলসিঞ্চন বিভাগে লক্ষ লক্ষ টকা খৰছ কৰি নিৰ্মাণ কৰা কেনেল৷ এই ধাৰণা আমাৰ নহয়৷ এই ধাৰণা খোদ বিভাগটোৰ এগৰাকী অভিযন্তাৰ৷ ৰাজ্য চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী ৰঞ্জিৎ দত্তৰ গৃহ সমষ্টি বিহালীত কেকোঁৰা আৰু সাপে কেনেল ছিঙা বুলি অদ্ভুত যুক্তি দিছে এগৰাকী অভিযন্তাই৷

বিভাগীয় মন্ত্ৰী ৰঞ্জিৎ দত্তৰ বিহালী সমষ্টিৰ বিশ্বনাথ জলসিঞ্চন সংমণ্ডলে পশ্চিম জিনজিয়াত কেইমাহমান পূৰ্বে পুৰণি নলা এটি এফআইচি আঁচনিৰ অধীনত প্ৰায় ৬১ লাখ টকাৰে মেৰামতি কৰে৷ কৃষি পথাৰলৈ পানী নিবৰ বাবে লাখ লাখ টকা খৰছ কৰি নিৰ্মাণ কৰা নলাটো দুমাহ নৌহওঁতেই ছিঙি যোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বিহালীত৷

জিনজিয়াত এফআইচি আঁচনিৰ অধীনত নিৰ্মিত ৬১ লাখ টকীয়া নলাটো ছিঙি কৃষিভূমি জলমগ্ন হৈ পৰাত ৰাইজ ক্ষোভিত হৈ পৰে। বিভাগৰ বিষয়া-অভিযন্তাই তদাৰক নকৰাৰ বাবে ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰাৰ ফলত নলাটো পানীয়ে ছিঙি নিয়ে।

পশ্চিম জিনজিয়াৰ পৰা ৰতোৱাস্থিত ৰেলৱে ষ্টেচনলৈকে প্ৰায় ৬১ লাখ টকা খৰছ কৰি মেৰামতি কৰি উলিওৱা নলাটোৰ খনন আৰু নলাৰ পাৰত মাটি অতি কমকৈ দিয়াৰ বাবে ছিঙি যোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।

নিৰ্মাণৰ দুমাহ নৌহওঁতেই নলাৰ পাৰ ছিঙি যোৱা সন্দৰ্ভত জানিবলৈ নিউজ নেক্সট ৱানৰ স্থানীয় সংবাদদাতাই সংমণ্ডলটোৰ ফুকন উপাধিৰ সহকাৰী কাৰ্যবাহী অভিযন্তাগৰাকীক জানিবলৈ বিছৰাত তেওঁ কেঁকোৰা আৰু সাপে গাঁত কৰাৰ বাবে নলাটো ছিঙি যায় বুলি হাস্যকৰ মন্তব্য আগবঢ়ায়। তুলুঙা মন্তব্যৰে দায় সাৰিব খোজা বিভাগৰ লোকসকলে আনকি আঁচনিৰ নাম ফলকতো কোনো স্থানত আঁচনিৰ ধনৰ পৰিমাণ উল্লেখ কৰা নাই।