পহিলা অক্টোবৰৰ পৰা ৰাজ্যত সম্পূৰ্ণ আনলক
ডিজিটেল ডেস্ক,২১চেপ্টেম্বৰঃ কোভিড আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ কমি অহাৰ লগে লগে স্বাভাৱিক হবলৈ আগবাঢ়িছে ৰাজ্যখনৰ পৰিস্থিতি৷এনেদৰে স্বাভাৱিক অৱস্থাত থাকিলে ১ অক্টোবৰৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, নৱম আৰু স্নাতক প্ৰথম বৰ্ষৰ পাঠদান আৰম্ভ হব৷এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই ।তেখেতে ৰাজ্যখনৰ সকলো লোকক দুয়োপালি ভেকচিন ল’বলৈ আহ্বান জনায় ।তেখেতে কয় যে ৰাজ্যৰ ক'ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি নীতি-নিৰ্দেশনাসমূহ লাহে লাহে শিথিল কৰি অনা হৈছে । ক'ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ লগে লগে আঁতৰিছে বাধা-নিষেধসমূহ । ইতিমধ্যে ২০ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান । সেইদৰে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ আৰু স্নাতক চূড়ান্ত বৰ্ষৰ পাঠদানো অব্যাহত আছে ।
পহিলা অক্টোবৰৰ পৰা নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদানো আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । বুধবাৰে তাৰেই ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে, পৰিস্থিতি স্বাভাৱিক অৱস্থাত থাকিলে ১ অক্টোবৰৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, নৱম আৰু স্নাতক প্ৰথম বৰ্ষৰ পাঠদান ।
ইতিমধ্যে ৰাজ্যত আৰম্ভ হোৱা দশম শ্ৰেণীৰ পাঠদানৰ পূৰ্বে সকলো বিদ্যালয় চাফ-চিকুন কৰাৰ লগতে চেনিটাইজ কৰা হৈছিল । সেইদৰে জাৰি কৰা হৈছিল নতুন এছ অ' পি । এতিয়া নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে ৰাজ্য চৰকাৰে কোন কোন দিশত নীতি-নিয়ম আৰোপ কৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্যখনলৈ যাতে স্বাভাৱিক পৰিৱেশ ঘূৰি আহে আৰু জীৱন-যাত্রা স্বাভাৱিক হয় তাৰ বাবে আমি কাম কৰিব খুজিছো । ইয়াৰ বাবে আমাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হৈছে ভেকচিনেচন । তেওঁ সকলো লোকক দুয়োপালি ভেকচিন ল’বলৈ আহ্বান জনায় ।
কোভিডৰ তৃতীয় ঢৌৰ আশংকাত থকাৰ পিছতো ভেকচিন নোলোৱাকৈ ১৮ বছৰৰ অনুৰ্দ্ধ শিক্ষাৰ্থী সকলক পাঠদানৰ সিদ্ধান্তই কি পৰিস্থিতি লব সেয়া সময়েহে কব৷