জাগীৰোডঃ জাগীৰোডত ব্যৱসায়ীৰ ৰূপত ভূ-মাফিয়াৰ দপদপনি৷ ৱে’ ব্ৰিজৰ বাবে লিজত লোৱা ভূমিৰ ম্যাদ উকলি যোৱাৰ পিছতো দখল এৰি নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ উলুটাই মাটিৰ গৰাকীক ভয়-ভাবুকি দিয়াৰ অভিযোগ ব্যৱসায়ী কাৰ্তিক দে’ৰ বিৰুদ্ধে৷
অভিযোগ অনুসৰি ২০০৩ চনৰ ৩ জানুৱাৰীত জাগীৰোডৰ ব্যৱসায়ী কাৰ্তিক দে’ক ১০ বছৰৰ বাবে ভূমি লিজত দিছিল মহেশ্বৰ লালুং নামৰ লোকজনে৷ তাৰ পিছৰে পৰা ব্যৱসায়ী কাৰ্তিক দে’ই গোভা মৌজাৰ ন-খোলা কিচামতৰ ৪৬ নং ম্যাদি পট্টাৰ ৪৬৭ নং দাগৰ ১ কঠা ১০ লোচা উক্ত ভূমিত প্ৰগতি ৱে’ ব্ৰিজ স্থাপন কৰি ব্যৱসায় চলাই আহিছিল৷
কিন্তু ২০১৩ চনতে চুক্তিৰ ম্যাদ উকলি যায় যদিও সেই ভূমি আজিলৈকে হস্তান্তৰ কৰা নাই মাটিৰ গৰাকীক৷ ইফালে, উক্ত ভূমি হস্তান্তৰ সংক্ৰান্তত বিগত সময়চোৱাত ব্যৱসায়ী কাৰ্তিক দে’ই মাটিৰ গৰাকীক ভয়-ভাবুকি দিয়াৰো অভিযোগ উত্থাপিত হৈছে৷ উপায়ন্তৰ হৈ মাটিৰ গৰাকী মহেশ্বৰ লালুঙে দ্বাৰস্থ হয় আদালতৰ৷
আদালতে মহেশ্বৰ লালুঙৰ পক্ষত ৰায় দিয়ে যদিও বিভিন্ন অজুহাতত মাটিৰ গৰাকীক ব্যৱসায়ী কাৰ্তিক দে’ই ১৬ লাখ টকা দাবী কৰে৷ এনে চতুৰালিৰে ব্যৱসায়ী কাৰ্তিক দে’ই ট্ৰাইবেল বেল্টৰ অধীনৰ উক্ত ভূমি বেদখল কৰাত উঠি পৰি লগা বুলিও অভিযোগ সদৌ তিৱা ছাত্ৰ সন্থাৰ৷
তাতেই ক্ষুব্ধ হৈ শনিবাৰে সদৌ তিৱা ছাত্ৰ সন্থা, ট্ৰাইবেল সংঘ আৰু স্থানীয় ৰাইজে উক্ত ৱে’ ব্ৰিজটো ভাঙি লণ্ডভণ্ড কৰে৷ কেৱল কাৰ্তিক দে’ই নহয়, ট্ৰাইবেল বেল্টৰ অধিনৰ বহু ভূমি অবৈধভাৱে একাংশ ভূ-মাফিয়াই দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ তিৱা ছাত্ৰ সন্থাই৷ আগন্তুক দিনত সেই ভূ-মাফিয়া সকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়ে ছাত্ৰ সংগঠনটোৱে৷