জাগীৰোডঃ শনিবাৰে দুপৰীয়া এক কৰুণ ঘটনা সংঘটিত হয় জাগীৰোড থানাৰ অন্তৰ্গত হাতীউঠা গাঁৱত। তিনিগৰাকী সমনীয়া কিশোৰীয়ে এটা পুখুৰীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাবটি লোৱা ঘটনাই গাঁওখনত শোকাকুল পৰিৱেশ সৃষ্টি কৰিছে।
সম্ভৱতঃ আহ আমি তিনিও মিলি গা ধুবলৈ যাওঁ আহ বুলি ঘৰৰপৰা নাতিদূৰত থকা এটা পুখুৰীলৈ গৈছিল তিনি সমনীয়া কিশোৰী। পুখুৰীৰ পাৰলৈ গৈ পৰিস্মিতা ইংতি (১১), মনালিছা ইংতি (১১) আৰু কিৰণময়ী ইংতি (১২) নামৰ তিনি কিশোৰীয়ে গা ধুবলৈ নামি গৈছিল মৃত্যুয়ে হাতবাউলি দি থকা পুখুৰীটোলৈ। দুৰ্ভাগ্য ক্ৰমে পুখুৰীটোৰ দ ঠাইত পৰি যোৱাত একেলগে সলিল সমাধি ঘটে তিনি কিশোৰীৰ।
বহু সময় ধৰি তিনি কিশোৰী ঘৰত নথকাত বিচাৰ খোচাৰ কৰে পৰিয়ালৰ লোকে। এটা সময়ত পুখুৰীত গা ধুবলৈ যাব পাৰে বুলি সন্দেহ কৰি পুখুৰীৰ পাৰলৈ যায় পৰিয়ালৰ লোক। আৰু এই অভিশপ্ত পুখুৰীটোতে তিনি কিশোৰীক উদ্ধাৰ কৰে পৰিয়ালৰ লোকে। এই কৰুণ ঘটনাই গোটেই হাতীউঠা গাঁৱতে শোকৰ ছাঁ পেলাইছে।
স্থানীয় একাংশ লোকে প্ৰকাশ কৰা মতে হাতীউঠা গাঁৱত আজিলৈ পৰ্যাপ্ত পৰিমাণে লোকসকলৰ ঘৰত নাই দমকল অথবা কুঁৱা। সেয়ে সচৰাচৰ স্থানীয় লোকে প্ৰায় পুখুৰীত গা ধুৱা, কাপোৰ ধুৱা আদি দৈনন্দিন কাম কাজবোৰ কৰে। পানীৰ অভাৱত পৰিয়ে তিনি কিশোৰীয়ে আজি দুপৰীয়া সময়ত গা ধুবলৈ গৈ অকাল মৃত্যুক সাবটি ল’লে। আজিৰ এই কৰুণ ৰ্ঘটনাটোত একেটা চুবুৰীৰে যতীন ইংতিৰ কন্যা মনালিছা ইংতি, ব্ৰজেন ইংতিৰ কন্যা পৰিস্মিতা ইংতি আৰু ৰবিন্দ্ৰ ইংতিৰ কন্যা কিৰণময়ী ইংতিৰ মৃত্যু হয়।