জাজৰিঃ অতীজৰে পৰা অবিভক্ত নগাঁও-মৰিগাঁও জিলাৰ বৃহত্তৰ জাজৰি অঞ্চলে হিন্দু- মুছলমানৰ মাজত সম্প্ৰতিৰ এক মহান আদৰ্শ ডাঙি ধৰি আহিছে। যাৰ চানেকি হিচাবে অসমীয়াৰ বাপতি সাহোন তিনিটি বিহুৰ লগতে পবিত্র শান্তি-সম্প্ৰতিৰ উৎসৱ ঈদৰ বিভিন্ন কাৰ্যসূচীত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে একতাৰে উদযাপন কৰি আহিছে।

তাৰেই আদৰ্শ ৰূপে আজি জাজৰি দৈনিক বজাৰৰ স্থায়ী ব্যৱসায়ী সকলে পবিত্র ৰমজান মাহৰ ইফটাৰ অনুষ্ঠান দৈনিক বজাৰ স্থলিতে ৰাজহুৱাকৈ অায়োজন কৰে। ইফটাৰ অনুষ্ঠানত বৃহত্তৰ জাজৰি অঞ্চলৰ ইছলাম ধৰ্মৰ ধৰ্মীয় বহু জেষ্ঠ ব্যক্তি সকলৰ লগতে অন্যান্য জাতি ধৰ্মৰ বহু সন্মানীয় লোকে অংশগ্ৰহণ কৰে আৰু এনে সম্প্ৰতিৰ অনুষ্ঠানটি আয়োজন কৰাৰ বাবে উদ্যোক্তা সকলক শলাগ জনায়।

অনুষ্ঠানত মগৰিবৰ নামাজ অাদায় কৰে আলহাজ মৌলানা আব্দুল জুৱেদুৰ ৰহম‍ানে আৰু অংশগ্ৰহন কৰে সমাজকৰ্মী মিজামল হুছেইন, জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমল আচাৰ্যী, জাজৰি প্ৰেছ ক্লাৱৰ সম্পাদক ৰাহুল দেৱ বৰদলৈকে ধৰি বহু গণ্যমান্য ব্যক্তিয়ে।