জাজৰিঃ নিউজ ১৮ অসম নৰ্থ ইষ্ট'ৰ সংবাদদাতা উপাসনা বৰুৱা গোস্বামীক তিনিচুকীয়াত আৰু 'দৈনিক অসম’ কাকতৰ মুকালমুৱাৰ সংবাদদাতা ৰাজেন ডেকা আৰু ডিৱাইৰ যোৰহাটৰৰ সংবাদদাতা ৰাজীৱ বৰাক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক তীব্ৰ ধিক্কাৰ দিছে জাজৰি প্ৰেছ ক্লাব আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে।

জাজৰি প্ৰেছ ক্লাবৰ সভাপতি জয়ন্ত মুদৈ আৰু সম্পাদক ৰাহুল দে‍ৱ বৰদলৈয়ে এক বিবৃত্তিযোগে কয়,  সাংবাদ মাধ্যম গণতন্ত্রৰ চতুৰ্থ স্তম্ভ। বহু কষ্ট, দুখ-ভাগৰ স্বীকাৰ কৰি ৰাইজৰ সেৱাত সাংবাদিকসকলে দেহ, মন দি কাম কৰি আহিছে নি:স্বাৰ্থভাৱে।

শেহতীয়াকৈ সাংবাদিকসকলৰ নিৰাপত্তা একেবাৰে নাইকিয়া হৈছে। চৰকাৰেও সাংবাদিকসকলৰ নিৰাপত্তাৰ বাবে বিশেষ গুৰুত্ব দিয়াৰ বাবে চিন্তা-চৰ্চ্চা কৰা দেখা নগ’ল। প্ৰায়েই সাংবাদিকসকল ৰাজনৈতিক দল, সংগঠন অথবা কোনো দুৰ্নীতিপৰায়ন হাত দীঘল লোকৰ আক্ৰমণৰ বলি হৈ আহিছে। 

গতিকে এনে ঘটনাক জাজৰি প্ৰেছ ক্লাবৰ সমূহ সংবাদকৰ্মীয়ে তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰতম শাস্তি প্ৰদানৰ বাবে চৰকাৰক দাবী জনায়। লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ  নগাঁও জিলা সমিতিৰ সভাপতি এহিয়া হাচান আনচাৰী আৰু সাংগঠনিক সম্পাদক শ্বৰিফুল ইছলাম, প্ৰচাৰ সম্পাদক  ইনামুল হকে এটা বিবৃতিত সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰ-প্ৰশাসনক দাবী জনাইছে।