জাজৰিঃ ভাষা-সাহিত্য সংস্কৃতি চৰ্চা আৰু অনুশীলনৰ মুকলি মঞ্চ নগাঁৱৰ অন্যতম সাহিত্যানুষ্ঠান অৰুণোদয় সাহিত্য চ'ৰাৰ ২০১৯-২১ বৰ্ষৰ বাবে সভাপতি আৰু সম্পাদক ৰূপে নিৰ্বাচিত হৈছে বিশিষ্ট লেখক, সমালোচক মৃদু পৱন বৰা আৰু কবি, লেখক, সাংবাদিক ৰাহুল দেৱ বৰদলৈ। চ'ৰাৰ সভাপতি ভৱেশ মেধিৰ পৌৰোহিত্যত অসম হোমিঅ' প্যেথিক মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ১২ মে'ৰ সভাতেই নতুন সভাপতি আৰু সম্পাদক দুয়োগৰাকীকে চ'ৰাৰ ফালৰপৰা অভিনন্দন জনোৱাৰ লগতে তেখেত সকলৰ নেতৃত্ব আৰু যুক্তিসন্মত পৰিকল্পনাত অৰুণোদয় সাহিত্য চ'ৰাই গতিশীলতা অক্ষুন্ন ৰাখিব বুলি আশা ব্যক্ত কৰে। 

২০০৯ চনত প্ৰতিষ্ঠা লাভ কৰা ভাষা-সাহিত্য চৰ্চা আৰু অনুশীলনৰ অনুষ্ঠান নগাঁৱৰ অৰুণোদয় সাহিত্য চ'ৰাই অহা জুন মাহত দশম বছৰ পূৰ্ণ হ’ব৷ ধাৰাবাহিকভাৱে প্ৰতিমাহৰ দ্বিতীয়টো দেওবাৰে সাহিত্য পাঠৰ বৈঠক অনুষ্ঠিত কৰি দহ বছৰ পূৰ্ণ কৰা সাহিত্য চৰ্চাৰ অনুষ্ঠানটিৰ ২০১৭-১৯ দ্বি-বাৰ্ষিক অধিৱেশনখন অহা ৩০ জুনত নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰাৰ দিহা কৰিছে। 

উক্ত অনুষ্ঠানলৈ অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশী, বিশিষ্ট সমালোচক, সাহিত্যিক উপেন্দ্ৰ বৰকটকীক আমন্ত্রণ নিশ্চিত হোৱাৰ লগতে দুবছৰীয়া বৈঠক সমূহত পঠিত প্ৰবন্ধ, কবিতা আৰু গল্পৰ তিনিগৰাকী শ্ৰেষ্ঠ লেখক লেখিকাক "চবিন ডেকা সোঁৱৰনী অৰুণোদয় সাহিত্য বঁটা প্ৰদান কৰা হ’ব। কালি অনুষ্ঠিত মে’ মাহৰ সাহিত্য বৈঠকত দ্বি-বাৰ্ষিক অধিৱেশনৰ ওপৰত আলোচনা হোৱাৰ লগতে বিশিষ্ট লেখক-সমালোচক থগিত মহন্তৰ সঞ্চালনাত বহু কেইগৰাকী লেখক-লেখিকাই বিভিন্ন লেখা পাঠ কৰে। 

সম্পাদক মুৰুলি বৰুৱাই আঁতধৰা বৈঠকত কবি দিপজ্যোতি বৰা, জোনাকী বৰ্মন বৰা, কল্পনা হাজৰিকা, মহেন্দ্ৰ হাজৰিকা, ভৰত কেওট, স্বপনা কলিতা, কাৰুন্য ভট্টাচাৰ্য, ভাগ্যশ্ৰী শৰ্মা, কবিন ভাগৱতী, মিণ্টু দাস, মায়া মেধি কাকতি, মিতালী দাস, ভানু বৰুৱা, দিপানজু বৰা, ৰাজীৱ পায়েংকে ধৰি দুকুৰি লেখক-লেখিকাই স্ব-ৰচিত কবিতা, প্ৰৱন্ধ আদি পাঠ কৰে। 

অনুষ্ঠানত শিশুশিল্পী জীয়া বৰাই এটি জ্যোতি প্ৰসাদ আগৰৱালাৰ ৰচিত গীত পৰিৱেশন কৰে। বৈঠকখনত বিশিষ্ট সমাজকৰ্মী বল্লদেৱ শৰ্মা, প্ৰাক্তন অধ্যক্ষ লক্ষীনাৰায়ণ শৰ্মা, পৰমানন্দ বৰাই বক্তব্য প্ৰদান কৰাৰ লগতে শিল্পী অনিমা বৰুৱা শৰ্মাই গীত আৰু কবিতাৰে আবেলিটো জীপাল কৰি তোলে।